এছআই কেলেংকাৰীত নাম সাঙুৰ খোৱা আৰক্ষী বিষয়া কুমাৰ সঞ্জিত কৃষ্ণ ডিজিপি কাৰ্যালয়ত উপস্থিত

SI Scam

অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কেলেংকাৰীৰ অন্যতম অভিযুক্ত অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়া কুমাৰ সঞ্জিত কৃষ্ণ ডিজিপি  কাৰ্যালয়ত উপস্থিত।কৰিমগঞ্জৰ এছপিৰ পৰা ইতিমধ্যে বদলি কৰা হৈছে জ্যেষ্ঠ বিষয়াগৰাকীক।

উল্লেখ যে অসম আৰক্ষীয়ে দুদিন ইতিমধ্যে জেৰা কৰিছে আৰক্ষী বিষয়াগৰাকীক।বুধবাৰে পুনৰ চিআইডি কাৰ্যালয়ত হাজিৰ হ'বলৈ নিৰ্দেশ দিছিল যদিও আৰক্ষীৰ বিষয়াগৰাকী হাজিৰ হোৱা নাছিল চিআইডি কাৰ্যালয়ত।

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত কাৰ্যলয়ত উপস্থিত হৈছেগৈ বিষয়া গৰাকী।গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে কৃষ্ণ।কৃষ্ণৰ বিৰুদ্ধে আছে এছআই প্ৰশ্ন কাকত ৪০ লাখ টকাৰ বিনিময়ত ফাদিলৰ গুৰুতৰ অভিযোগ।

Your Comments