প্ৰসঙ্গ এছআই কেলেংকাৰী,আৰক্ষী বিষয়া কুমাৰ সঞ্জিত কৃষ্ণ পলাতক

SI scam

মঙলবাৰৰ ৰাতিৰ পৰা সন্ধান নাই কুমাৰ সঞ্জিত কৃষ্ণৰ।কৰিমগঞ্জৰ সদ্য অপসাৰিত এছ পি আছিল কৃষ্ণ।সোমবাৰ আৰু মঙলবাৰে আৰক্ষী-চিআইডিয়ে জেৰা কৰিছিল বিষয়াগৰাকীক।বুুুধবাৰে পুৱাৰ ভাগত পুনৰ চিআইডি কাৰ্যালয়লৈ তলব কৰা হৈছিল যদিও উপস্থিত নহ'ল আৰক্ষী বিষয়াগৰাকী।বৰ্তমান মোবাইল ফোন বন্ধ কৰি ৰাখিছে বিষয়াগৰাকীয়ে।

গুৰুত্বপূৰ্ণ যে যোৱা সোমবাৰে অসম আৰক্ষীয়ে জেৰা কৰিছিল বিষয়াগৰাকীক।প্ৰাক্তন ডিআইজি প্ৰশান্ত কুমাৰ দত্তৰ সৈতে মুখামুখিকৈ জেৰা কৰিছিল বিষয়াগৰাকীক।

দেওবাৰে বিষয়াগৰাকীক কৰিমগঞ্জৰ এছ পি পদৰ পৰা বদলি কৰা হৈছিল।

৪০ লাখ টকা এছ আই কেলেংকাৰীত লোৱাৰ অভিযোগ আছে ধৃত বিষয়াগৰাকীৰ বিৰুদ্ধে।

আনহাতে,বিষয়াগৰাকী সন্ধানহীন হোৱাৰ পিছতে আৰক্ষীৰ ভিতৰ চ'ৰাত আৰম্ভ হৈছে তীব্ৰ জোকাৰণিৰ।

Your Comments