অগপ সভাপতি অতুল বৰাই হ'ব নে! আদালতে কি ৰায় দিলে পঢ়ি লওঁক

Atul Bora

অসম গণ পৰিষদৰ সাধাৰণ পৰিষদৰ সভাক বৈধ আখ্যা কামৰূপ জিলা মূখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ।জিলা সত্ৰ ন্যায়াধীশৰ আদালতে দিয়া ৰায়ক খণ্ডন জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ।এই কথা ঘোষণা অধিবক্তা বিজন মহাজনৰ।

উল্লেখ যে আদালত অৱমাননা কৰি যোৱা২৭ আগষ্টত সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত কৰি নতুন কমিটী গঠন কৰা বুলি দলৰ কামৰূপ মহানগৰ জিলা সমিতিৰ কেইবাজনো ব্যক্তি আদালতৰ কাষ চাপিছিল আৰু আবেদন দাখিল কৰিছিল।উক্ত আবেদনৰ ভিত্তিত সত্ৰ ন্যায়াধীশৰ আদালতে নতুন কমিটীৰ ওপৰত স্থগিতাদেশ জাৰি কৰিছিল।স্থগিতাদেশৰ বিৰুদ্ধে জিলা মুখ্য ন্যায়াধীশক আবেদন জনাইছিল নিম্ন আদালতৰ ৰায় একপক্ষীয় বুলি দাবী কৰি।উক্ত আবেদনৰ ভিত্তিতে জিলা মূখ্য ন্যায়াধীশৰ আদালতে নিম্ন আদালতৰ ৰায়ক খাৰিজ কৰি অতুল বৰাৰ পক্ষত প্ৰদান কৰে ৰায়।

গুৰুত্বপূৰ্ণ যে আদালতৰ ৰায়ৰ পিছতে অগপ দলৰ নতুন সভাপতি অতুল বৰা,কাৰ্যকৰী সভাপতি কেশৱ মহন্তই বাহাল থাকিল।

Your Comments