৩ জন বিজ্ঞানীলৈ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা

Physics Nobel

"ব্লেক হ’ল"ৰ ওপৰত কৰা গৱেষণাৰ বাবে মঙ্গলবাৰে তিনিজন বিজ্ঞানীলৈ আগবঢ়োৱা হয় পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা ৷ 

নোবেল কমিটিৰ ভাষ্য অনুসৰি ব্ৰিটেনৰ ৰ’জাৰ পেনৰ’জক এই বঁটা দিয়া হৈছে “ব্লেক হ’ল গঠনৰ আপেক্ষিকতাৰ সাধাৰণ তত্ত্বৰ এটা শক্তিশালী পূৰ্বাভাস ” আবিষ্কাৰৰ বাবে ৷

Black Hole

আনহাতে, জাৰ্মানীৰ ৰেইনহাৰ্ড জেনজেল্ড আৰু আমেৰিকাৰ এনিণ্ড্ৰীয়া গেজক এই বঁটা দিয়া হৈছে আমাৰ সৌৰজগতৰ কেন্দ্ৰত এক বিশালাকায় সংহত লক্ষ্যবস্তু আৱিষ্কাৰ কৰাৰ বাবে ৷

কমিটিৰ মতে, এই নোবেল বঁটা বিশ্ব-ব্ৰহ্মাণ্ড এটা অদ্ভুত বিষয়বস্তু-ব্লেক হ’ল"ৰ বাবে, যি বিজ্ঞানৰ পৰিঘটনা তথা বিজ্ঞানৰ কল্প-কাহিনীৰ এটা প্ৰধান বিষয় হৈ ৰৈছে ৷ প্ৰচলিত বিশ্বাস অনুসৰি এই ব্লেক হ’লত সময় সদায় স্থবিৰ ৷

Your Comments