বিধানসভা নিৰ্বাচনৰ পূৰ্বে এইবাৰ বিহাৰত এনডিএত সংঘাত:অকলে নিৰ্বাচন খেলিব এলজেপিয়ে

বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এনডিএত পুনৰ সংঘাত।এনডিএৰ পৰা আঁতৰি বিধানসভা নিৰ্বাচন খেলিব ৰামবিলাস পাছোৱানে প্ৰতিষ্ঠা কৰা লোক জনশক্তি পাৰ্টী(এলজেপি)য়ে।বৰ্তমান পাছোৱানৰ পুত্ৰ চিৰাগ পাছোৱানে নেতৃত্ব দিয়া লোক জনশক্তি পাৰ্টীয়ে জেডিইউৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নেতৃত্বত নিৰ্বাচন নেখেলে বুলি উল্লেখ কৰিছে।লোক জনশক্তি পাৰ্টীয়ে নিজাকৈ প্ৰাৰ্থী দিব নিৰ্বাচনত।অৱশ্যে,লোক জনশক্তি পাৰ্টীয়ে বিজেপিৰ বিৰোধিতা কৰা নাই,দলটোয়ে বিৰোধিতা কৰিছে জেডিইউৰহে।

Your Comments