"অৱনমিত ভাৰতীয় অৰ্থনীতিৰ জুলাই-ছেপ্টেম্বৰৰ বিত্তীয় বৰ্ষৰ ত্ৰৈমাসিকৰ পিছত উন্নতিৰ আশা আছে"-অভিজিৎ বেনাৰ্জী

Indian Economy

কেউফালে ক'ভিড ১৯ মহামাৰীয়ে গ্ৰাস কৰাৰ সময়তে দেশত দেখা দিয়া অন্য এটা ভয়ংকৰ বিষয় হৈছে দ্ৰুতগতিত হ্ৰাস পাই শূূূন্যৰ সীমা পাৰ হোৱা ভাৰতবৰ্ষৰ জিডিপি ৷

অন্যান্য কাৰণৰ লগতে বিশেষভাৱে ক'ভিড-১৯ মহামাৰীৰ বাবে সৃষ্টি হোৱা বাধাবোৰৰ দ্বাৰা প্ৰভাৱিত হৈ ২০২০ চনটোত ভাৰতবৰ্ষৰ অৰ্থনীতি ৫.৯ শতাংশ সংকুচিত হোৱাৰ পূৰ্বাভাস পোৱা গৈছে ৷ ৰাষ্ট্ৰসংঘই এই বিষয়ে এটা প্ৰতিবেদন যোগে মতামত প্ৰকাশ কৰি সতৰ্ক কৰি কয় যে ইয়াৰ পিছৰ বছৰৰ অৰ্থনৈতিক কাৰ্যকলাপবোৰ লক্ষ্য কৰিলে দেখা যাব যে এই অৰ্থনৈতিক সংকোচনে এক স্থায়ী অৱক্ষয়ৰ ৰূপ লৈছে ৷

আনহাতে,ন’বেল বঁটাপ্ৰাপ্ত ভাৰতীয় মূলৰ আমেৰিকান অৰ্থনীতিবিদ অভিজিৎ বেনাৰ্জীয়ে ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰতেই বেয়া অৰ্থনৈতিক পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ৰাষ্ট্ৰ বুলি মত প্ৰকাশ কৰি কয় যে ভাৰতীয় চৰকাৰ অৰ্থনৈতিক সমস্যা সমাধান কৰিবলৈ অক্ষম ৷ লগতে,ক’ভিড মহামাৰীৰ আগৰপৰাই অৱনমিত হ’বলৈ ধৰা ভাৰতীয় অৰ্থনীতিৰ এইটো বিত্তীয় বৰ্ষৰ জুলাই-ছেপ্টেম্বৰৰ ত্ৰৈমাসিকৰ শেষত কিছু উন্নতিৰ সম্ভাৱনা থকাৰ কথাও তেওঁ ব্যক্ত কৰে৷

Your Comments