হাজোত অগপৰ নেত্ৰী কুসুম দাসৰ মৃত্যুত শোকৰ ছাঁ

Hajo

হাজোৰ পৰা কমলাকান্ত দাস:

হাজোৰ অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ নেত্ৰী তথা সমাজসেৱিকা কুসুম দাসৰ আকস্মিক মৃত্যুত বৃহত্তৰ অঞ্চলজুৰি পৰিছে গভীৰ শোকৰ ছা‍ঁঁ। বুধবাৰে নিশা হাজো- সাতদলাৰ নিজা বাসগৃহত হঠাতে হৃদযন্ত্ৰ বন্ধ হৈ অকালতে মৃত্যুক সাৱতি লোৱা অগপ নেত্ৰী দাসৰ বয়স হৈছিল ৪১ বছৰ। হাজোৰ অগপ দলৰ নিষ্ঠাৱান নেত্ৰী প্ৰয়াত কুসুম দাসে বিগত পঞ্চায়ত নিৰ্বাচনত দুই নং হাজো গাওঁ পঞ্চায়তত অগপ দলৰ পৰা অৱতীৰ্ণ হৈছিল।ৰাজনৈতিকভাৱে সক্ৰিয় হোৱাৰ উপৰিও সাতদলা অঞ্চলৰ মহিলা সমাজৰ লগত ওতঃপ্ৰোতভাৱে।জড়িত আছিল। নেত্ৰী কুসুম দাসৰ মৃত্যুৰ খবৰ চৌদিশে বিয়পি পৰাৰ লগে-লগে বহু গুণমুগ্ধ আহি বাসগৃহৰ চোতাল ভৰি পৰে আৰু অন্তিম শ্ৰদ্ধা জনাই বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে। অগপ নেত্ৰী কুসুম দাসৰ বিয়োগত হাজো অগপৰ অপূৰণীয় ক্ষতি হোৱা বুলি অসমৰ প্ৰাক্তন সমবায় মন্ত্ৰী তথা অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক নুৰুল হুছেইনে মন্তব্য কৰে।দাসৰ অকাল বিয়োগত অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক নুৰুল হুছেইন,'আছু'ৰ সাধাৰণ সম্পাদক প্ৰকাশ চন্দ্ৰ দাস, অসম যুৱ পৰিষদৰ কামৰূপ জিলা পৰিষদৰ সম্পাদক আতাউৰ ৰহমান, অগপ নেতা প্ৰদীপ বৰা, বলী কলিতা, গোলোক ওজাৰ লগতে বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমাবেদনা জ্ঞাপন কৰে। প্ৰয়াত দাসে স্বামীসহ দুই পুত্ৰ-কন্যাক ইহ-সংসাৰত এৰি থৈ যায়।

Your Comments