বিটিআৰ চুক্তি ৰূপায়ণ সন্দৰ্ভত মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই কি ক'লে?

Dr.HBS

*বিটিচি নিৰ্বাচন কেতিয়া হ'ব জানি লওক*

বিটিআৰ চুক্তি ৰূপায়ন কৰাৰ বাবে পি পি বাৰ্মাৰ অধ্যক্ষতাত গঠন কৰা হৈছে চাৰিজনীয়া আয়োগ।৬ মাহৰ ভিতৰত আয়োগে দাখিল কৰিব  পৰামৰ্শ।সেই পৰামৰ্শৰ ভিত্তিতে ক্ষীপ্ৰতাৰে আগবাঢ়িব সকলো।এই কথা ঘোষণা মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ।

যোৱা ২০ ছেপ্টেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বৈঠক অনুষ্ঠিত হৈছিল।উক্ত বৈঠকত এই কথা প্ৰকাশ কৰা বুলি উল্লেখ কৰে মন্ত্ৰী ড: শৰ্মাই।

ৰাজ্যপালে বিটিচি চুক্তি অনুসৰি বিটিআৰ হিচাপে অনুমোদন দিয়া বুলি জনতা ভৱনত সংবাদমেলত ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।

বিটিচি সীমান্তত থকা বড়ো আৰু অনাবড়ো গাঁওসমূহ বিটিআৰত অন্তৰ্ভুক্ত আৰু ওলাই অহাৰ বাবে আবেদন কৰিব পাৰিব।

ৰাজ্য চৰকাৰে এমাহৰ ভিতৰত বড়ো ভাষাক চৰকাৰী সহযোগী ভাষা হিচাপে অনুমোদন দিয়াৰ বাবে আগবঢ়া বুলিও মন্ত্ৰীগৰাকীয়ে কয়।

ইফালে,বিটিচি নিৰ্বাচন অহা ৩০ নৱেম্বৰলৈকে পাতিব পৰা অৱস্থা নাই বুলি স্বাস্থ্য বিভাগে নিৰ্বাচন আয়োগক অৱগত কৰা বুলি তেওঁ জানিবলৈ দিয়ে।বিহাৰৰ নিৰ্বাচনৰ পৰিৱেশ অধ্যয়ন কৰি ডিচেম্বৰত নিৰ্বাচন পতাৰ কথা চিন্তা কৰিব পৰা হ'ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী ড:শৰ্মাই

Your Comments