বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে বঙাইগাঁৱত বিভিন্ন ট্ৰেড ইউনিয়নৰ যৌথ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ 

Bongaigaon

বঙাইগাঁৱৰ প্ৰতিবেদক:

ৰাজহুৱা সম্পদ বিক্ৰী অভিযান,শ্ৰমিক বিৰোধী শ্ৰম সংস্কাৰ আৰু কৃষক বিৰোধী কৃষি আইনৰ বিৰুদ্ধে আজি দেশৰ সকলো কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু বিভিন্ন কৰ্মচাৰী ফেডাৰেচনৰ যৌথ মঞ্চই আহ্বান জনোৱা দেশজোৰা প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে বঙাইগাঁও গান্ধী ময়দানতো বিভিন্ন ইউনিয়নে যৌথ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে বুুধবাৰৰ পুৱা ১১ বজাৰ পৰা দিনৰ ১ বজালৈ ৰূপায়ণ কৰা দুঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাসকলে হাতে হাতে শ্ৰম আইন সংশোধন কৰা নচলিব , ৰাজহুৱা খণ্ডৰ বেচৰকাৰীকৰণ নচলিব , বিদ্যুৎ আইন সংশোধনী বিধেয়ক - ২০২০ বাতিল কৰক , আয়কৰ দিব নলগা প্ৰতি পৰিয়ালক মাহিলী ৭৫০০ টকাকৈ আদায় দিয়ক , অসমৰ চাহ শ্ৰমিকসকলক ন্যূনতম ৩৫১ টকাকৈ হাজিৰা প্ৰদান কৰক, চৰকাৰী খণ্ডৰ বিভিন্ন শিল্পত এশ শতাংশ বিদেশী লগ্নীৰ নিৰ্দেশনা বাতিল কৰক আদি প্লেকাৰ্ডলৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্য যে প্ৰতিবাদস্থলীত হিন্দ মজদুৰ সভাৰ ৰাজ্যিক সাধাৰণ সম্পাদক আশীষ বিশ্বাস , চি আই টি ইউ নেতা হৰেশ্বৰ দাস , হেমকান্ত ৰায় , পূৰ্বাঞ্চল ৰে'ল কৰ্মী পৰিষদৰ প্ৰফুল্ল যূত্ৰধৰ , আই এন টি চি ইউৰ অঞ্জন আচাৰ্য আদিয়ে দাবীসমূহৰ বিষয়ে বিষদভাবে বৰ্ণনা কৰাৰ লগতে বৰ্তমানৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিস্থিতিৰ বিষয়ে বক্তব্য প্ৰদান কৰে৷লগতে বক্তাসকলে বৰ্তমানৰ বিজেপি চৰকাৰৰ জনবিৰোধী নীতিকো তীব্ৰ সমালোচনা কৰে ৷ 

 

Your Comments