'এছআই' পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত ড: সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই মুখ্যমন্ত্ৰী আৰু চৰকাৰক কি ক'লে পঢ়ক...

Dr.Samujjal Kumar Bhattacharjya

আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ পিছতে অসম চৰকাৰৰ গৃহ বিভাগৰ ব্যৰ্থতাক বিভিন্নজনে চোকা সমালোচনা কৰিছে।আনহে নালাগে খোদ আৰক্ষী বিভাগত সংঘটিত হোৱা এই ঘটনাত সোণোৱাল চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে শূূূন্য সহনশীলতা সন্দৰ্ভত প্ৰশ্ন চিহ্ন উৎপন্ন   হৈছে।

আৰক্ষী উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু চৰকাৰক তীক্ষ্ণ সমালোচনা কৰিছে 'আছু'ৰ মুখ্য উপদেষ্টা ড: সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।টুইটাৰৰ জড়িতে মুখ্যমন্ত্ৰী সোণোৱালৰ একালৰ সতীৰ্থ ভট্টাচাৰ্যই সমালোচনা কৰি লিখিছে এইদৰে-"নিবনুৱাৰ ভৱিষ্যতক লৈ হেতালি খেলা অসমৰ মুখ্যমন্ত্ৰী,চৰকাৰক ধিক্কাৰ আৰু গৰিহণা দিছোঁ।"

Pic

ব্যৰ্থ চৰকাৰ বুলি উল্লেখ কৰি আৰু লিখিছে এইদৰে-"আৰক্ষী উপ-পৰিদৰ্শকৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হ'ল।বিদেশী ন্যায়াধীকৰণ, এপিডিচিএল আদি বিভাগৰ নিযুক্তি ওলোমাই ৰখা হ'ল।"

ঘটনাৰে জড়িত দোষীক শাস্তি প্ৰদান কৰি নিবনুৱা যুৱক-যুৱতীক শীঘ্ৰে নিযুক্তি দিয়াৰ দাবী জনাই ড: ভট্টাচাৰ্যই ।

Your Comments