নলবাৰীত যুৱ-ছাত্ৰ পৰিষদে দাহ কৰিলে প্ৰধানমন্ত্ৰী মোদীৰ জুমুঠি 

Ghagrapar

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বুধবাৰে নলবাৰীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে সংসদত খাদ্য সুৰক্ষা আইন সংশোধনী বিধেয়ক গৃহীত কৰাৰ বিৰোধিতাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে খাদ্য সুৰক্ষা আইনৰ সংশোধন কৰি অত্যাৱশকীয় সামগ্ৰীৰ তালিকাৰ পৰা আলু,পিয়াজ,ডাইল,চাউল, মাহজাতীয় বিভিন্ন শস্যক আঁঁতৰাই ৰখাৰ উদ্দেশ্যেৰে সদনত বিধেয়ক গৃহীত কৰিছে।যাৰ বাবে এতিয়াৰে পৰা এনে সামগ্ৰীসমূহৰ মূল্যৰ ওপৰত চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাথাকিব।

Your Comments