শিৱসাগৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

Sibsagar

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

সমগ্ৰ ৰাজ্যতে ক'ৰ'না মহামাৰীৰ আতংকই জনসাধাৰণক জুৰুলা কৰাৰ সময়তেই চৰকাৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী তালিকাৰ পৰা আলু, পিয়াঁজ,দাইল  তেল, সৰিয়হ, মাহ জাতীয় শস্য আদিক  বাদ দি এটা জটিল সমস্যাৰ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত বুধবাৰে  সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিয়ে চহৰৰ ষ্টেচন চাৰিআলিত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহেৰে প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৰ বিষয়ববীয়া সকলে বিজেপি চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোদী হুচিয়াৰ, মূল্যবৃদ্ধি ৰোধ কৰক আদি বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে  উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।

Your Comments