সত্ৰকে ধৰি হিন্দুসকলৰ উপাসনাস্থলীসমূহ সুৰক্ষিত কৰাৰ দাবী হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ

বঙাইগাঁও

*বঙাইগাঁৱত হিন্দু যুৱ- ছাত্ৰ পৰিষদৰ সংবাদ মেল*

*সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ সত্ৰৰ মাটি বেদখল মুক্ত কৰাৰ প্ৰতিশ্ৰুতি শ্লোগানতে সীমিত হৈ থাকিল*

কিমান সত্ৰৰ মাটি বেদখলমুক্ত কৰিলে তাৰ শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈকো চৰকাৰক দাবী 

বঙাইগাঁওঃ২১ ছেপ্টেম্বৰঃ সত্ৰসমূহকে ধৰি হিন্দু সমাজৰ উপাসনাস্থলীসমূহক সুৰক্ষা প্ৰদানৰ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে হিন্দু যুৱ- ছাত্ৰ পৰিষদ অসমে।সোমবাৰে বঙাইগাঁও চহৰৰ বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত আয়োজন কৰা এখন সংবাদ মেলত পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্য আৰু সাধাৰণ সম্পাদক মাধৱ দাসে এই দাবী উত্থাপন কৰে ৷ সংবাদ মেলখনত হিন্দু যুৱ - ছাত্ৰ পৰিষদৰ নেতা দুজনে কয় যে অসমৰ বহু সত্ৰত এতিয়াও শংকৰ- মাধৱ দুয়োজনা গুৰুৰ বহুতো আপুৰুগীয়া কীৰ্তিচিহ্ন আছে ৷ কিন্তু সেই কীৰ্তিচিহ্নসমূহক চৰকাৰে যি ধৰণেৰে সুৰক্ষা প্ৰদান কৰিবলৈ লাগিছিল,তেনে ধৰণেৰে সুৰক্ষা প্ৰদান কৰা অথবা গুৰত্ব দিয়া নাই।কিছুদিন পূৰ্বে এজন মুছলমান যুৱকে বৰপেটা জিলাৰ গণককুচি সত্ৰৰ গুৰু আসন জ্বলাই দিয়াৰ ঘটনাৰ উদাহৰণ দাঙি ধৰি পৰিষদৰ নেতাদ্বয়ে কয় যে গণককুচি সত্ৰৰ গুৰু আসন জ্বলোৱা যুৱকজন পৰৱৰ্তী সময়ত মানসিক বিকাৰগ্ৰস্ত বুলি উপস্থাপন কৰা হৈছে যদিও এইটো সন্দেহৰ উদ্ধৰ্ত নহয়। সংবাদ মেলত বৈশ্য আৰু দাসে কয় যে এনে ধৰণৰ বহু ঘটনা পূৰ্বতেও সংঘটিত হৈছে আৰু ৰহস্যজনকভাৱে সেই দুৰ্বৃত্তসকল সময়ত মানসিক বিকাৰগ্ৰস্ত হৈ পৰে তেনে মানসিক বিকাৰগ্ৰস্তৰ হাতত যাতে আগলৈ সত্ৰ- দেৱালয়সমূহত থকা আপুৰুগীয়া সম্পদসমূহ ধ্বংস নহয় তাৰ বাবে চৰকাৰ - প্ৰশাসনক সচেতন হোৱাৰ বাবেও পৰিষদে আহ্বান জনায়।সংবাদ মেলত বঙাইগাঁও জিলাৰ বিষ্ণুপুৰ সত্ৰত মহাপুৰুষ শংকৰদেৱে ব্যৱহাৰ কৰা আঠুৱা,পালেং,লাখুটি ,পদশীলা ,পাদুকা আৰু সাঁচিপাত এতিয়াও প্ৰচাৰ বিমূখ আৰু অসুৰক্ষিত হৈ আছে বুলি উল্লেখ কৰি চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ সতৰ্কতামূলক পদক্ষেপ লোৱা দেখা নোপোৱা বুলিও পৰিষদৰ নেতাদ্বয়ে ক্ষোভ উজাৰে ৷ আনহাতে, সংবাদ মেলত বৈশ্য আৰু দাসে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ সত্ৰৰ মাটি বেদখল মুক্ত কৰাৰ প্ৰতিশ্ৰুতি শ্লোগানতে সীমিত হৈ থাকিল বুলিও কটাক্ষ কৰে ৷ নিৰ্বাচনৰ পূৰ্বে চৰকাৰে প্ৰতিশ্ৰুতি দিয়া ধৰণেৰে সত্ৰৰ মাটি কেনদৰে বেদখলমুক্ত কৰিলে,তাৰ শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈকো চৰকাৰক দাবী জনায় ৷ সংবাদ মেলত হিন্দু যুৱ- ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক গৌতম ডেকা,সাংগঠনিক সম্পাদক পল্লৱ শইকীয়া,বিপিন দৈমাৰীৰ লগতে বঙাইগাঁও জিলা সমিতিৰ সভাপতি সোণেশ্বৰ ৰায়,উপ-সভাপতি চিত্তৰঞ্জন চৌধৰী, সাধাৰণ সম্পাদক ডালিম কুমাৰ ৰায় ,সাংগঠনিক সম্পাদক নিফুল ৰায় তথা জিলা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত আছিল ৷ 

 

Your Comments