নাগাৰাসূৰ্য ৰামচৰণ ভৰালীৰ বাসগৃহত 'আছু'ৰ প্ৰতিনিধি দল:নাগাৰা নাম,ঢুলীয়া,ওজাপালিক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ আহ্বান 

আছু

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

দেওবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক হিমান বৰ্মনৰ নেতৃত্বত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক দিগন্ত ভৰালী,পশ্চিম নলবাৰী আৰু দক্ষিণ পকোৱা আছুৰ বিশ্বজিৎ শৰ্মা,সঞ্জয় শৰ্মাৰ লগতে এটি সজাতি দলে নাগাৰা নামৰ চিৰপৰিচিত শিল্পী নাগাৰা সূৰ্য্য,মোহন ভাইৰা বঁটা প্ৰাপক তথা সদৌ অসম নাগাৰা নাম সংঘৰ সভাপতি ৰামচৰণ ভৰালীৰ বাসগৃহত উপস্থিত হৈ এটা আলোচনাত মিলিত হয় ।

এই আলোচনাত ৰাজ্য চৰকাৰে শিল্পীসকলক দিব খোজা সাহায্য ধন শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবী জনায় ।২০০০ টকাৰ পৰিৱর্তে অতিকমেও ৫০০০ হেজাৰলৈ শিল্পীসকলক মাননি আগবঢ়াবলৈ দাবী উত্থাপন কৰে আছুৰ সাংগঠনিক সম্পাদক হিমান বৰ্মন আৰু নাগাৰা সূৰ্য্য ৰামচৰণ ভৰালীয়ে ।

তদুপৰি আলোচনাত উপস্থিত থকা সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক দিগন্ত ভৰালীয়ে নাগাৰা নাম ,ঢুলীয়া, ওজাপালিক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ বাবে আহ্বান জনায় ।এই আলোচনা চক্ৰত উপস্থিত থাকে দক্ষিণ পকোৱা আঞ্চলিক ছাত্ৰ? সন্থাৰ নিপব শৰ্মা ,পশ্চিম নলবাৰী আছুৰ নয়ন শৰ্মা ,মিৰ আহমেদৰ লগতে বৰভাগ আছুৰ মানসজ্যেতি ডেকা।

Your Comments