এএছআই আছাম চেপ্টাৰ আৰু মেক্স হস্পিতেল ছাকেট,দিল্লীৰ উদ্যোগত স্তন-স্বাস্থ্য বিষয়ক ৱেবিনাৰ সম্পন্ন

Webinar

এএছআই আছাম চেপ্টাৰ আৰু মেক্স হস্পিতেল ছাকেট,দিল্লীৰ উদ্যোগত শনিবাৰে এখন ৱেবিনাৰৰ অনুষ্ঠিত কৰা হয়।"ব্ৰেষ্ট হেল্থ-হোৱাট এভৰিৱান ছুদ ন'" বিষয়ৰ ৱেবিনাৰখনত স্তন-স্বাস্থ্য,স্তন কেনেদৰে নিৰোগী কৰি ৰাখিবলৈ পৰা যায়,কৰ্কট ৰোগৰ পৰা স্তনক কেনেদৰে সুৰক্ষা দিব পৰা সুৰক্ষা দিব পৰা যায় আদি বিষয়সমূহত আলোচনা কৰা হয়।ৱেবিনাৰখনত নিৰ্দিষ্ট বিষয়ত বক্তৃতা প্ৰদান কৰে ছাকেট,দিল্লীৰ মেক্স হস্পিতেলৰ ছাৰ্জিকেল অনক'লজিৰ এছ'ছিয়েট কনছালটেন্ট ডাঃ অদিতি চতুৰ্বেদী আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ জেনেৰেল ছাৰ্জাৰী বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ জিছান আহমেদে।দুয়োগৰাকী বক্তাই স্তন কৰ্কট ৰোগ প্ৰতিৰোধী ব্যৱস্থা আৰু বিভিন্ন চিকিৎসা প্ৰণালীৰ বিষয়ে বাখ্যা আগবঢ়ায়।মহিলাসকলে কেনেদৰে স্তনৰ যত্ন ল'ব লাগে আৰু ৰোগৰ পৰা সুৰক্ষা দিব লাগে,সেই সন্দৰ্ভত দুয়োগৰাকী বক্তাই বিশেষভাৱে আলোচনা আগবঢ়ায়।ৱেবিনাৰখনৰ আঁত ধৰে নীলাক্ষী বৰুৱাই।ডাঃ সিদ্ধাৰ্থ ফুকনে সামৰণি বক্তব্য আগবঢ়ায়।

Your Comments