ঘগ্ৰাপাৰৰ সাহানবিষ্টুপুৰত পোন্ধৰগৰাকী বিভিন্ন দলৰ কৰ্মীৰ কংগ্ৰেছত যোগদান

Ghagrapar

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰী জিলা কংগ্ৰেছৰ অন্তৰ্গত বড়িগোগ বনভাগ ব্লক কংগ্ৰেছ,ইয়ং ব্ৰিগেড আৰু যুৱ কংগ্ৰেছৰ উদ‍্যোগত নলবাৰীৰ যুৱনেতা তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক প্ৰদ‍্যুৎ কুমাৰ ভূঞাৰ উপস্থিতিত বিভিন্ন দল-সংগঠনৰ প্ৰায় ১৫ গৰাকী বিভিন্ন দলৰ নেতা-কৰ্মীয়ে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।শনিবাৰে ১৫ নং দিহজাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত সাহানবিষ্টুপুৰ গাওঁৰ জয়শ্ৰী যুৱ সংঘৰ বাকৰিত বড়িগোগ বনভাগ ব্লক কংগ্ৰেছৰ সভাপতি ভুৱনেশ্বৰ কলিতাই সভাপতিত্ব কৰা সভাখন আঁত ধৰে নলবাৰী সমষ্টি যুৱ কংগ্ৰেছ সাধাৰণ সম্পাদক চামচুল আলামে।সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা নলবাৰী সমষ্টিৰ যুৱনেতা প্ৰদ‍্যুত কুমাৰ ভূঞা,নলবাৰী জিলা কংগ্ৰেছ কমিটিৰ  সাধাৰণ সম্পাদক দিব‍্যজ‍্যোতি হালৈ,প্ৰশাসনিক সম্পাদক লুটফুৰ ৰহমান,নলবাৰী সমষ্টি যুৱ কংগ্ৰেছ কমিটীৰ সভাপতি চন্দন কলিতা,বড়িগোগ বনভাগ ব্লক যুৱ কংগ্ৰেছ সভাপতি ওচমান আলী,ইয়ং বিগ্ৰেড বড়িগোগ বনভাগ ব্লকৰ সভাপতি ইংকু পাটোৱাৰী,যুৱ নেতা প্ৰতুল হক  আদিয়ে অংশগ্ৰহণ কৰে।উক্ত সভাতে ১৫ নং দিহজাৰী গাঁও পঞ্চায়তৰ কুৰিগৰাকী বিজেপি,অগপ,  যুৱ সমাজকৰ্মীয়ে যুৱ কৰ্মী প্ৰদীপ কলিতা আৰু হীৰেন কলিতাৰ নেতৃত্বত কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।যুৱনেতা প্ৰদ‍্যুৎ ভূঞাই আটাইবোৰ সদস্যকে গামোচাৰে আদৰণি জনাই কংগ্ৰেছ দলৰ হৈ কাম কৰিবলৈ আহ্বান জনায়।লগতে ভূূঞাই নিজৰ ভাষণত প্ৰধানমন্ত্ৰী মোডী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ক্ষুৰধাৰ সমালোচনা কৰে।তেওঁ লগতে কয় যে মোডী আৰু সোণোৱালে নিৰ্বাচনৰ আগত ভুৱা প্ৰতিশ্ৰুতি দি ৰাইজক আভুৱা ভাৰিলে আৰু এতিয়া অসমৰ সম্পদসমূূহ এপদ-এপদকৈ বিক্ৰী কৰিবলৈ লৈছে।সভাত নলবাৰী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দিব‍্যজ‍্যেতি হালৈয়েও ভাষণ দিয়ে।

Your Comments