নলবাৰীত মহিলা আত্মসহায়ক গোটক ঋণ প্ৰদান অনুষ্ঠান সম্পন্ন

Nalbari

দ্বিজেন ডেকা:ঘগ্ৰাপাৰ:

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, নলবাৰীৰ উদ্যোগত বৃহস্পতিবাৰে জিলাখনৰ মধুপুৰ উন্নয়ন খণ্ডৰ সভাগৃহত আয়োজন কৰা এখন সভাত ৮০ টা মহিলা আত্মসহায়ক গোটৰ মাজত ২,১৪৪০০০০ (দুই কোটি চৌধ্য লাখ চল্লিশ হাজাৰ) টকাৰ ঋণ বিতৰণ কৰা হয়।জিলাখনত অসম গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত চৰকাৰৰ কেইবাখনো আঁচনি ৰূপায়ণ কৰি থকা হৈছে। এই আঁচনিসমূহৰ ভিতৰত বেংক ঋণ অনুমোদন কাৰ্যসূচী ৰূপায়ন কৰা হয়। মধুপুৰ উন্নয়ন খণ্ডৰ সভাকক্ষত  আয়োজন কৰা  অনুষ্ঠানত জিলাখনৰ উপায়ুক্ত পূৰৱী কোঁৱৰ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৃষ্ণা বৰুৱা, নাবাৰ্ডৰ  ৰাজ্যিক বিষয়া,অসম গ্ৰামীণ বিকাশ বেংকৰ ক্ষেত্ৰ প্ৰবন্ধক, নাবাৰ্ডৰ জিলা বিষয়া দেৱজ্যোতি বিশ্বাস উপস্থিত থাকে। উল্লেখযোগ্য যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান নলবাৰীৰ জিলা প্ৰকল্প প্ৰবন্ধক চন্দন তালুকদাৰে আঁত ধৰা এই অনুষ্ঠানত জিলাখনৰ মহিলা আত্মসহায়ক গোটসমুহক আনুষ্ঠানিকভাৱে প্ৰতিটো গোটকে ১ লাখৰ পৰা ৫ লাখলৈ ঋণ প্ৰদান কৰা হয়। অনুষ্ঠানত উপস্থিত থকা জিলা উপায়ুক্ত পূৰৱী কোঁৱৰে জিলাৰ আত্মসহায়ক গোটসমূহে নিজে স্বাৱলম্বী  আৰু উৎপাদনমুখী হৈ জিলাখনক ৰাজ্যৰ ভিতৰতে  এই ক্ষেত্ৰত শীৰ্ষ স্থান দখল কৰিব বুলি আশা প্ৰকাশ কৰে। শেহতীয়াভাৱে জিলাখনৰ আত্মসহায়ক গোটসমূহে নিজ হাতেৰে প্ৰস্তুত কৰা গামোচা, জাপি আৰু মাক্স উৎপাদন কৰি বজাৰ দখল কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ ভাষণত উল্লেখ কৰে। এই অনুষ্ঠানত জিলা প্ৰকল্প প্ৰৱন্ধক চন্দন তালুকদাৰে জিলাখনত লৈ অহা আঁচনি আৰু প্ৰশিক্ষণ কাৰ্যসূচীৰ বিষয়ে বাখ্যা কৰে। অনুষ্ঠানত উপস্থিত থকা নলবাৰী জিলা পৰিষদৰ  মুখ্য কাৰ্যবাহী বিষয়া কৃষ্ণা বৰুৱাই  মহিলাসকলক আগবাঢ়ি আহি চৰকাৰৰ প্ৰতিখন  আঁচনিৰ সুযোগ লাভ কৰি গোটসমূহক আত্মনির্ভৰ হবলৈ উপদেশ দিয়ে।

Your Comments