অসম জাতীয় পৰিষদত থাকিব নেকি অভিনেত্ৰী বৰষাৰাণী বিষয়া!কি ক'লে পঢ়ক

Barasarani Bisaya

*ধৰ্ম-আঁঠুৱা-কম্বলৰ ঊৰ্ধত ৰাজনীতি লাগে,য'ত প্ৰগতি আৰু জাতি সুৰক্ষিত হ'ব-অভিনেত্ৰী বৰষা ৰাণী বিষয়া*

সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতৃত্বত জন্ম হোৱা 'অসম জাতীয় পৰিষদ'ত থাকিব নেকি অভিনেত্ৰী বৰষাৰাণী বিষয়া।গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকৰ প্ৰশ্নত 'কা' বিৰোধী অভিনেত্ৰী বৰষাই প্ৰকাশ কৰে নিজৰ প্ৰতিক্ৰিয়া।

"প্ৰত্যক্ষ ৰাজনীতিৰ লগত জড়িত নহওঁ বুলি কৈছোঁ।মই এগৰাকী সংস্কৃতিৰ সাধক।সংস্কৃতিৰ লগতে জীৱনটো কটাম বুলি এই মুহূৰ্তলৈ ভাবিছোঁ।গতিকে তাতে থাকিম"- বৰষাই কয়।"প্ৰতিগৰাকী ভোটাৰৰ ৰাজনৈতিক সজাগতা থকাটো অতি প্ৰয়োজন।আজি জাতি সংকটত।২০২১ চনত জাতিৰ পৰীক্ষা।জাতি জিকিব নে হাৰিব সেয়া খিলঞ্জীয়া অসমীয়া ওপৰত নিৰ্ভৰ কৰিব।"লগতে তেওঁ কয়।

উল্লেখ যে 'কা' বিৰোধী আন্দোলনত শিল্পী সমাজৰ হৈ অভিনেত্ৰীগৰাকীয়ে বলিষ্ঠ কণ্ঠস্বৰেৰে ৰাইজক প্ৰভাৱিত কৰিছিল।তাৰ পৰৱৰ্তী সময়ত একাংশ 'কা' সমৰ্থনকাৰীয়ে সামাজিক মাধ্যমত অভিনেত্ৰীগৰাকী ৰাজনীতিলৈ যাব বুলি ভুৱা প্ৰচাৰ কৰিছিল।তাৰ পিছতে বিভিন্ন সময়ত ৰাজনীতিত জড়িত নোহোৱাৰ কথা স্পষ্টকৈ প্ৰকাশ কৰি আহিছিল বৰষা ৰাণী বিষয়াই।

'অসম জাতীয় পৰিষদ' সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে কয়-'জাতিৰ হকে কাম কৰিম বুলি নতুন দলটোৰ জন্ম হৈছে।এইটো এটা ভাল খবৰ।ভৱিষ্যতে কি হয় দেখা যাওঁক।'

দলটোক লৈ আশাবাদী নে বুলি অভিনেত্ৰীগৰাকীক প্ৰশ্ন কৰাত তেওঁ কয়- "আমি আশা এৰি দিবলৈ নোৱাৰোঁঁ।অসমীয়া খিলঞ্জীয়া সকলোৰে এটাই আশা জাতি,ভাষা, সংস্কৃতিৰ অস্তিত্বৰ সুৰক্ষা হ'ব লাগে।নতুন আহিব,আহিছে আমি আদৰি লৈ থাকোঁ।ভৱিষ্যতে তাৰ কি ফলাফল হয় দেখা যাব।"

অভিনেত্ৰী বৰষাক ৰাজনৈতিক দলটোৰ পৰা যোগাযোগ কৰা হৈছিল নেকি বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে সকলোৰে লগত ভাল যোগাযোগ থাকে।প্ৰত্যক্ষ ৰাজনীতিত জড়িত হ'বলৈ বৰ্তমান মুহূৰ্তত মানসিকভাৱে মই প্ৰস্তুত নহয়।

"নৱপ্ৰজন্মৰ ভোটাৰ তথা আমাক ধৰ্ম,আঁঠুৱা, কম্বলৰ ঊৰ্ধত ৰাজনীতি লাগে।লাগে প্ৰগতি আৰু জাতিৰ সুৰক্ষা"-অভিনেত্ৰীগৰাকীয়ে কয়।

Your Comments