'আছু'-পৰিষদৰ 'অসম জাতীয় পৰিষদ'ক লৈ সুখী নহয় কৃষক মুক্তি সংগ্রাম সমিতি

Kmss

*২০ ছেপ্টেম্বৰৰ ভিতৰত সঁহাৰি নাপালে কৃষক মুক্তিয়ে নিজৰ ৰাজনৈতিক দলৰ কথা চিন্তা কৰিব-ভাস্ক'-ডি শইকীয়া*

সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে গঠন কৰা নতুন ৰাজনৈতিক দল 'অসম জাতীয় পৰিষদ'কলৈ সুখী নহয় কৃষক মুক্তি সংগ্রাম সমিতি।"অসমবাসীয়ে ঐক্যবদ্ধ,সকলোকে সাঙুৰি লোৱা এটা দল বিচাৰিছে,কিন্তু নহ'ল।সকলো দল-সংগঠনক ঐক্যবদ্ধ হোৱাৰ ৰাইজৰ আহ্বান আৰু আশাক সন্মান জনাই শেষ পৰ্যায়লৈ এটা দল,এখন পতাকা আৰু এটা প্ৰতীকৰ বাবে যিমান ত্যাগৰ প্ৰয়োজন আছিল,কৰিছিলোঁ,কিন্তু সফল হ'ব নোৱাৰিলোঁ।দল ঘোষণা কৰি পূৰ্ণাংগ আহ্বায়ক সমিতি গঠনৰ লগে লগে ঐক্যবদ্ধ হোৱাৰ পথ অৱৰুদ্ধ হৈ গ'ল"-কৃষক মুক্তি সংগ্রাম সমিতিয়ে কয়।

নতুন দলটোক শুভেচ্ছা জনাই কৃষক মুক্তিৰ সভাপতি ভাস্ক'-ডি শইকীয়াই কয়-"আঞ্চলিক শক্তি ঐক্যবদ্ধ নোহোৱাটো ঐতিহাসিক ভুল।পৃথক পৃথক দল খোলাটোত বিজেপি-আৰএছএছ অত্যন্ত সুখী হৈছে।"

"কৃষক মুক্তিয়ে নিৰাশাৰ মাজতো ঐক্যবদ্ধ হ'ম বুলি আশা কৰোঁঁ।অহা ২০ ছেপ্টেম্বৰলৈ ঐক্যবদ্ধ যুঁজলৈ অপেক্ষা কৰিম।যদি সঁহাৰি নাপাওঁ,তেন্তে কৃষক মুক্তি সংগ্রাম সমিতিৰ প্ৰস্তাৱিত দলক পূৰ্ণাংগ ৰূপ দিয়াৰ চিন্তা কৰিম"-শইকীয়াই কয়।

"আছু-যুৱ ছাত্ৰ পৰিষদে দল গঠনৰ বাবে সকলো সিদ্ধান্ত গ্ৰহণ কৰিছে।কিন্তু,ঐক্যবদ্ধ কথা কলে কেৱল দলে সিদ্ধান্ত গ্ৰহণ কৰাৰ অজুহাত দেখাই ঐক্যবদ্ধ আঞ্চলিক দলৰ ধাৰণা ধুঁঁৱলি-কুঁঁৱলী কৰা হৈছে"-সভাপতিগৰাকীয়ে কয়।"আদৰ্শ-কৰ্মপন্থাৰ পার্থক্য কেৱল মাত্ৰ আছিলাহে।এটা দল-এখন পতাকা-এটা প্ৰতীক-এখন সংবিধান-এখন কাৰ্যসূচী ঐক্যবদ্ধভাৱে তৈয়াৰ কৰা হ'লে মতাদৰ্শ-কৰ্মপন্থাৰ সমস্যাটো নাথাকিল হয়।"লগতে তেওঁ কয়।

উল্লেখ যে কৃষক মুক্তিয়ে ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ কথাৰে বাৰে বাৰে আহ্বান জনাইছিল আছু -পৰিষদক।পত্ৰও প্ৰেৰণ কৰা হৈছিল সংগঠনৰ মজিয়াৰ পৰা।লগতে কোৱা হৈছিল ঐক্যবদ্ধ দলটোত কৃষক মুক্তিৰ পৰা কোনো চুক্তি নাথাকিব।এখনো আসনত প্ৰতিদ্বন্দিতা কৰিবলৈ নিদিলেও কৃষক মুক্তিয়ে মানি ল'ব।অর্থাৎ সকলো ত্যাগ কৰিবলৈ সংগঠন সাজু আছিল।কিন্তু তাৰ পিছতো আছু-পৰিষদৰ ৰাজনৈতিক দলৰ পৰা সঁহাৰি নাপাই সংগঠনটোৱে কয়-"আমাৰ উদাৰতাক দুৰ্বলতা বুলি ভুলভাৱে মূল্যায়ন কৰা হ'ল।আমি কেৱল সাম্প্ৰদায়িক শক্তি,ৰাষ্ট্রীয়তাবাদক পৰাস্ত কৰা বাবে জাতিৰ স্বাৰ্থত সকলো ত্যাগ কৰিবলৈ সাজু আছোঁ।"

গান্ধীবস্তিৰ কৃষক মুক্তিৰ কাৰ্যালয়ত সংবাদমেল যোগে আছু-পৰিষদ তথা 'অসম জাতীয় পৰিষদ'ক পুনৰ ঐক্যবদ্ধ হোৱাৰ আহ্বান জনায় সংগঠনটোৱে।

Your Comments