'আছু' ত্যাগী ৰাজু-চিত্ত নতুন ৰাজনৈতিক দলৰ আহ্বায়ক সমিতিত থাকিব!সম্পূৰ্ণকৈ পঢ়ক

Raju-Chitta

সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ গৰ্ভৰ পৰা জন্ম পাব লগা ৰাজনৈতিক দলৰ আহ্বায়ক সমিতিত থাকিব সদ্য পদত্যাগী 'আছু'ৰ কেন্দ্ৰীয় উপ-সভাপতি চিত্তৰঞ্জন বসুমতাৰী আৰু মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকন।অহা ১৫ ছেপ্টেম্বৰত নতুন ৰাজনৈতিক দলটোৰ পূৰ্ণ পৰ্যায়ৰ আহ্বায়ক সমিতি ঘোষণা কৰিব।ইতিমধ্যে মুখ্য আহ্বায়ক হিচাপ আছু-যুৱ ছাত্ৰ পৰিষদে ডঃ কৃষ্ণ গোপাল ভট্টাচাৰ্য আৰু বসন্ত ডেকাক দায়িত্বভাৰ অৰ্পণ কৰিছে।উল্লেখ যে ৰাজনৈতিক দলটোৰ ২১ জনীয়া আহ্বায়ক সমিতি গঠন হ'ব।

গুৰুত্বপূৰ্ণ যে আছুৰ সদস্য দুগৰাকীৰ উপৰিও আহ্বায়ক সমিতিত থাকিব যুৱ-ছাত্ৰ পৰিষদৰ দুজন সদস্য দীপক হাজৰিকা আৰু চন্দন সন্দিকৈ।

"আছুৰ দুলীয়াজান অধিৱেশনৰ পিছতে ঘোষণা কৰা হ'ব পূৰ্ণাংগ দলটোৰ নাম।ইতিমধ্যে দলটোৰ পতাকা,চিহ্ন তথা সভাপতি চূূড়ান্ত হৈছে"-আছুৰ এক শীৰ্ষ সূত্ৰই এই কথা প্ৰকাশ কৰিছে।

Your Comments