পলাশ চাংমাইৰ মন্তব্যত কিয় ব্যথিত কৃষক মুক্তি?পঢ়ক...

Krisak Mukti

*'আছু'-পৰিষদৰ আঞ্চলিক ৰাজনৈতিক দললৈ কৃষক মুক্তি সংগ্রাম সমিতিয়ে কি আহ্বান জনালে পঢ়ক

*ঐক্যবদ্ধ আঞ্চলিক দলত কৃষক মুক্তিৰ কোনো চৰ্ত নাথাকে,যাকে নেতা প্ৰক্ষেপ কৰিব তাকে মানি ল'ম-কৃষক মুক্তি সংগ্রাম সমিতি*

ঐক্যবদ্ধ আঞ্চলিক দল গঠনৰ পৰিৱেশ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বিনষ্ট কৰা বুলি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে কৰা মন্তব্যত স্পষ্টীকৰণ কৃষক মুক্তিৰ সংগ্রাম সমিতিৰ।গান্ধীবস্তিস্থিত মুখ্য কাৰ্যালয়ত শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি সভাপতি ভাস্ক-ডি শইকীয়াই কয়-"আমি কৃষক মুক্তি সংগ্রাম সমিতিয়ে অসমত এটা ঐক্যবদ্ধ আপোচনবিহীন আঞ্চলিক শক্তি গঢ় দিব বিচাৰিছিলো,বিচাৰিছোঁ আৰু ভৱিষ্যতে বিচাৰি যাম।তাৰ বাবে কোনো কম্প্ৰমাইজ নকৰো।"

"বিজেপি চৰকাৰৰ 'কা'ৰ বিৰুদ্ধে ঐক্যবদ্ধ হ'ব নোৱাৰাৰ বাবে আমি 'কা' হাৰিলোঁ।ৰাজনৈতিক ঐক্যবদ্ধতা যদি আকৌ আনিব নোৱাৰোঁঁ,তেন্তে '২১ৰ বিধানসভা নিৰ্বাচনত আমাৰ একেই দশা হ'ব"-শইকীয়াই কয়।লগতে কয় আগ্ৰাসী ৰাষ্ট্ৰীয়তাবাদ,সাম্প্ৰদায়িক ফেচিবাদক কেৱল জাতিয়তাবাদৰ দ্বাৰাহে পৰাস্ত কৰিব পৰা যাব।তাৰ স্বাৰ্থতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ঐক্যবদ্ধ আঞ্চলিকতাবাদৰ কথা কৈ আহিছে।"

"কৃষক মুক্তি সদায় আশাবাদী আমি ঐক্যবদ্ধ হম।আপোচবিহীন এক শক্তি গঢ়ি তুলিম।যি শক্তিৰ ওচৰত সাম্প্ৰদায়িক বিজেপি,কংগ্ৰেছ, এআইইউডিএফ পৰাভূত হ'বলৈ বাধ্য হ'ব।"

পলাশ চাংমাইৰ মন্তব্যত কৃষক মুক্তি ব্যথিত আৰু দুখ পাইছোঁ বুলি উল্লেখ কৰি সভাপতিগৰাকীয়ে কয়-"ঐক্যবদ্ধ দল গঠনত কৃষক মুক্তি সদায় ব্ৰতী হৈ আছে।সকলো ত্যাগৰ বাবে সাজু।"

"অখিল গগৈক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী বুলি কৃষক মুক্তিয়ে ঐক্যবদ্ধ দলটোত ঘোষণা কৰা নাই।নতুন দলত নেতা কোন হ'ব,তাত আমাৰ ফালৰ কোনো চৰ্ত নাথাকে।জাতিৰ নেতা যাকে থিয় কৰাব,তাকে মানি ল'ম।নিৰ্বাচনত কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ এজনো যদি প্ৰাৰ্থী নিদিয়ে,তাতো আমাৰ কোনো আপত্তি নাথাকিব।কেৱল জাতীয় স্বাৰ্থত ঐক্যবদ্ধ হ'ব বিচাৰিছোঁ।ক্ষমতাৰ প্ৰতি লালায়িত নহয়।এই কথা চাংমাই ডাঙৰীয়াক জনোৱা হৈছে।ইয়াৰ পিছত বিষয়বোৰ ধুঁঁৱলী-কুঁঁৱলী কৰি নাথাকিলে ভাল হয়"- শইকীয়াই কয়।

"কৃষক মুক্তিয়ে নিজা ৰাজনৈতিক দল খুলিম বুলি সংবিধান-কৰ্মসূচী প্ৰস্তুত কৰি থোৱাৰ পিছতো কেৱল ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ স্বাৰ্থত সেয়া সম্পূৰ্ণ একাষৰীয়া কৰি ৰখা হৈছে"- সভাপতিগৰাকীয়ে লগতে কয়।

"আছু,কৃষক মুক্তি,যুৱ ছাত্ৰ পৰিষদ সকলোৰে নিজা-নিজা মতাদৰ্শ আছে।কিন্তু প্ৰস্তাৱিত ৰাজনৈতিক দলটোৰ সংগঠনৰ উৰ্ধত গৈ নিজস্ব মতাদৰ্শ থাকিব,সংবিধান থাকিব।তাত মতাদৰ্শ সংঘাত হ'ব লগা কোনো কথা নাই"-শইকীয়াই কয়।

Your Comments