ঘগ্ৰাপাৰৰ চটাইবাৰীত ২৫০ গৰাকী বন‍্যাৰ্তক সাংসদ দিলীপ শইকীয়াৰ সাহায্য

Ghagrapar

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ: 

বিগত দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানে সংহাৰী ৰূপ ধাৰণ কৰি নৈপৰীয়া আৰু কৃষক ৰাইজক আলাই-আথানি কৰাৰ লগতে খাদ্য সামগ্ৰীৰ সমস্যা সৃষ্টি কৰাৰ সময়তে শনিবাৰে নলবাৰী সমষ্টিৰ অন্তৰ্গত ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ এলেকাধীন চটাইবাৰীত সাংসদ দিলীপ শইকীয়াৰ উদ‍্যোগত বন‍্যাৰ্তসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে।শনিবাৰে দুপৰীয়া চটাইবাৰী গাঁ‌ও পঞ্চায়তৰ অন্তৰ্গত উত্তৰ বৰশিৰাল অঞ্চলৰ প্ৰায় দুই শতাধিক বানপীড়িতৰ মাজত সাংসদ দিলীপ শইকীয়াৰ উদ‍্যোগত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহ সদস্য মধুৰাম ডেকাৰ তত্বাৱধানত খাদ্য সামগ্ৰী বিতৰণ কৰে।বন‍্যাৰ্তসকলক স্বাস্থ্য বিভাগৰ সকলো নীতি-নিৰ্দেশনা মানি এই  সাহায্য বিতৰণত সহযোগিতা আগবঢ়াই নলবাৰী জিলা বিজেপিৰ সম্পাদক দিপেন কলিতা,নলবাৰী বিজেপিৰ টাউন  মণ্ডল সভানেত্ৰী অজিতা বৰ্মণ,বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক বিজয় বৰ্মণ,চটাইবাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য মিনি ডেকা,বুথ সভাপতি মুনীন কলিতা,বিজেপি নেতা তথা কটকীয়া গাওঁ সভাৰ সদস্য বাপুতি কলিতা আদি কৰি ভালেসংখ্যক বিজেপিৰ কাৰ্যকৰ্তাই।ইফালে,  ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহ সদস্য মধুৰাম ডেকাই পাগলদিয়া নৈয়ে অঞ্চলটোত সংহাৰী ৰূপ ধাৰণ কৰি বাট-পথ বিধ্বস্ত কৰা স্থানসমূহ পৰিদৰ্শন কৰাৰ লগতে কৃষক ৰাইজৰ সৈতে মিলিত হৈ তেওঁলোকৰ সমস্যা তথা ক্ষয়-ক্ষতিৰ বুজ লয়।

Your Comments