সুুুখবৰ:অসমলৈ আহি আছে কম পানীত চলাচল কৰিব পৰা চাৰিখন ৰ' ৰ' জাহাজ

Ro Ro

*অহা বছৰত আহিব বিভিন্ন মডেলৰ ২০ খন জাহাজ*

অসম চৰকাৰে মহাবাহু ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ প্ৰধান নৈ-উপনৈসমূহৰ জড়িয়তে ৰাজ্যৰ জল পৰিবহণ ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে কেতবোৰ অভিলাষী আঁচনি গ্ৰহণ কৰিছে।আনকি,জল পৰিবহণ ক্ষেত্ৰখনৰ উন্নয়ণৰ বাবে এছিয়ান ডেভেলপমেণ্ট বেংকৰ (এডিবি)পৰা অসম চৰকাৰে প্ৰায় ৭০০ কোটি টকাৰ ঋণ লাভ কৰিছে।সমান্তৰালভাৱে জল পৰিবহণ খণ্ডটোক অধিক গতিশীল কৰাৰ বাবে অসম সন্তান তথা ভাৰতীয় নৌ সেনাৰ চতুৰ্থ শীৰ্ষ পদবীৰ পৰা সুখ্যাতিৰে অৱসৰ গ্ৰহণ কৰা আৰু দেশ-বিদেশৰ জল পৰিবহণ খণ্ডত প্ৰায় ৩৫ বছৰীয়া অভিজ্ঞতা পুষ্ট ক'মডৰ কমলেশ চন্দ্ৰ চৌধুৰীক কেইমাহমানৰ পূৰ্বে নতুনকৈ গঠন কৰা অসম আভ্যন্তৰীণ জল পৰিবহন উন্নয়ণ সমিতিৰ (এ.আই.ডব্লিউ.টি.ডি.এচ) অবৈতনিক উপদেষ্টা হিচাপে নিযুক্তি দিছে।ইফালে,ৰাজ্যৰ প্ৰধান নৈ হিচাপে পৰিচিত মহাবাহু ব্ৰহ্মপুত্ৰ নদীত যাত্ৰীৰ সৈতে যান-বাহন পাৰাপাৰ কৰিবৰ বাবে অসম চৰকাৰে ভাৰত চৰকাৰৰ ভাৰতীয় আভ্যন্তৰীণ জল পৰিবহণ কৰ্তৃপক্ষ চমুকৈ 'আই.ডব্লিউ.এ.আই' ৰ জৰিয়তে কম পানীত চলাচল কৰিব পৰা চাৰিখন ৰ' ৰ' জাহাজ অনাৰ ব্যৱস্থা কৰিছে।দেশৰ ৰাজহুৱা খণ্ডৰ জাহাজ নিৰ্মাণকাৰী প্ৰতিষ্ঠান 'ক'চিন শ্বিপ ইয়াৰ্ড'ত নিৰ্মাণ কৰা ৰ' ৰ' জাহাজকেইখন খৰালি কালত শুকাই যোৱা ব্ৰহ্মপুত্ৰৰ পানী কম হোৱা পৰিস্থিতিৰ লক্ষ্য ৰাখি এক মিটাৰ পানী গভীৰতা থাকিলেও চলাচল কৰিব পাৰিব এই জাহাজকেইখন।পূৰ্বৰ তিনিখন ৰ' ৰ' জাহাজ চলাচল কৰিবৰ বাবে দুই মিটাৰ আৰু পানীৰ গভীৰতা থাকিব লাগিছিল। তাৰবাবে,খৰালিৰ সময়ছোৱাত ব্ৰহ্মপুত্ৰৰ পানী কমিলে জাহাজকেইখন অচল হৈ পৰিছিল।সম্প্ৰতি পূৰ্বৰ ৰ' ৰ' জাহাজকেইখন আই ডব্লিউ আয়ে উভতাই নিয়াৰ ব্যৱস্থা কৰিছে।ইফালে,পশ্চিমবংগৰ হেমনগৰৰ পৰা হুগলী নদীৰে নতুন চাৰিখন ৰ' ৰ' জাহাজ অহা ২৮ জুলাইত অসম অভিমুখে যাত্ৰা আৰম্ভ কৰিছে।বাংলাদেশৰ মাজেৰে ব্ৰহ্মপুত্ৰৰে উজাই আহিব লগীয়া চাৰিখন ৰ' ৰ' জাহাজ চলিত আগষ্ট মাহৰ চতুৰ্থ সপ্তাহৰ ভিতৰত গুৱাহাটী আহি পাব বুলি আভ্যন্তৰীণ জল পৰিবহনৰ কৰ্তৃপক্ষৰ সূত্ৰৰ পৰা প্ৰকাশ। জাহাজকেইখন একেলগে ২০০ জন যাত্ৰীৰ লগতে ২ খন ডাঙৰ ট্ৰাক আৰু চাৰিখন লঘু বাহন কঢ়িয়াব পৰা যাব।কৰ্তৃপক্ষৰ সূত্ৰই সদৰি কৰা অনুসৰি অহা বছৰৰ আগভাগত ২০ খন বিভিন্ন মডেলৰ যাত্ৰীবাহী ফেৰী আৰু ৯ খন উদ্ধাৰকাৰী জাহাজ ব্যৱস্থা কৰা হৈছে।সম্প্ৰতি আটাইকেইখন জাহাজ নিৰ্মাণৰত অৱস্থাত আছে বুলি জানিব পৰা গৈছে।২০ খন ফেৰীৰ ভিতৰত ১০ খনত এবাৰত ৫০ জন যাত্ৰীসহ ২৫ খন দুচকীয়া বাহন আৰু ১০ খনত এবাৰত ৫০ জন যাত্ৰীসহ ২৫ খন দুচকীয়া বাহন কঢ়িয়াব পাৰিব।ইফালে,এ.আই.ডব্লিউ.টি.ডি.এচৰ উপদেষ্টা ক'মডৰ (অৱসৰপ্ৰাপ্ত) কমলেশ চন্দ্ৰ চৌধুৰীয়ে জানিবলৈ দিয়ামতে জাহাজসমূহ নিয়মীয়াকৈ মেৰামতি আৰু ৰক্ষণাবেক্ষণ কৰি থকাৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৰূপনগৰত থকা কেন্দ্ৰীয় কাৰখানাৰ দৰে কাৰখানা স্থাপন কৰিবলৈ পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক আহ্বান জনোৱা হৈছে।যাতে,সৰু -বৰ ডাঙৰ বিজুতি ঘটিলে যাতে তৎক্ষণিকভাৱে তাক মেৰামতি কৰি সুচল কৰিব পাৰি।কাৰখানা স্থাপন নকৰাকৈ জাহাজ আনি থাকিলে সাধাৰণ বিজুতিতে জাহাজ এখন বহুদিনলৈ পেলাই থ'বলগীয়া হয় বুলি চৌধুৰীয়ে জানিবলৈ দিয়ে।

Your Comments