বঙাইগাঁও জিলাৰ কোভিডত আক্ৰান্ত এবছৰীয়া শিশু আৰোগ্য হ'ল:হাস্পতালৰ পৰা মুকলি  

আৰোগ্য

বঙাইগাঁৱৰ প্ৰতিবেদক:

বঙাইগাঁও জিলাৰ বইটামাৰী মডেল হাস্পতালৰ কোভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন হৈ থকা বাঁশবাৰীৰ কোভিড-১৯ত আক্ৰান্ত এটি এবছৰীয়া শিশু সুস্থ হৈ উঠাত তথা নমুনা পৰীক্ষাৰ ফলাফল নিগেটিভ অহাত শুকুৰবাৰে চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয়।জানিব পৰা মতে শিশুটি যোৱা ৪ আগষ্টৰ পৰা হাস্পতালখনৰ কোভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন হৈ আছিল।শিশুটি চিকিৎসাধীন হৈ থকা অৱস্থাত শিশুটিৰ সৈতে মাতৃগৰাকীও নিজ ইচ্ছাৰে হাস্পতালখনত একেলগে আছিল।অৱশ্যে মাতৃগৰাকী কোভিডত আক্ৰান্ত হোৱা নাছিল ৷ পিচত শিশুটিৰ ৰেপিড এণ্টিজেন পৰীক্ষাৰ লগতে আৰ টি-পি চি আৰ পৰীক্ষাৰ ফলাফল নিগেটিভ অহাত হাস্পতালখনৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয়।সেইদৰে শিশুটিৰ মাতৃৰো ৰেপিড এণ্টিজেন পৰীক্ষা আৰু আৰ টি-পি চি আৰ পৰীক্ষা কৰা হৈছিল আৰু ফলাফল নিগেটিভ আহে।যাৰ বাবে সন্তান আৰু মাতৃক হাস্পতালৰ পৰা ঘৰলৈ যাব দিয়া হয়। 

 

Your Comments