শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ক'ভিড ৰোগীৰ সন্তান প্ৰসৱ 

Sibsagar

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

শিৱসাগৰত প্ৰথমটো ক'ভিড আক্ৰান্ত  মহিলাৰ প্ৰসৱ।শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ক'ভিড আক্ৰান্ত মহিলাই যোৱা নিশা ২-৩০ বজাত জন্ম দিয়ে এটি সন্তানৰ।

চিকিৎসালয়খনৰ স্ত্ৰীৰোগ বিশেষজ্ঞ ডা: প্ৰশান্ত প্ৰতীম শৰ্মা আৰু জ্যেষ্ঠ পৰিচাৰিকা সোণমণি তামুলীৰ নেতৃত্বত  চিকিৎসক-নাৰ্চৰ সহযোগত সন্তান জন্ম দিয়ে কাজল পাংগিং নামৰ মহিলাগৰাকীয়ে।

শিৱসাগৰ জিলাৰ আমগুৰি হালোৱাটিঙৰ কাজল পাংগিং নামৰ মহিলাগৰাকীয়ে শুকুৰবাৰে দিনত প্ৰসৱৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ প্ৰসূতি বিভাগত ভৰ্তি হৈছিল।নিয়ম অনুসৰি মহিলাগৰাকীৰ ৰেপিড এণ্টিজেন পৰীক্ষা কৰাত দুৰ্ভাগ্যজনকভাৱে পজিটিভ ওলায়।অৱশ্যে চিকিৎসালয় কৰ্তৃপক্ষই কোনো হেমাহি নকৰাকৈ যোৱা নিশা ২.৩০ বজাত অস্ত্ৰোপচাৰ সম্পন্ন কৰি এটি সন্তান প্ৰসৱ কৰায়।
অৱশ্যে প্ৰসৱ হোৱা শিশুটোৰ ক'ভিড  টেষ্ট শনিবাৰেহে সম্পন্ন কৰা হ'ব।

 

Your Comments