বঙাইগাঁৱৰ কোভিড কেয়াৰ চেণ্টাৰত ধুবুৰীৰ যুৱকৰ মৃত্যু 

Bongaigaon

*বঙাইগাঁও জিলাখনত ৮৮১ জনলৈ বৃদ্ধি পালে ক'ৰ'নাত আক্ৰান্তৰ সংখ্যা*

বঙাইগাঁৱৰ প্ৰতিবেদক:

বঙাইগাঁও অসামৰিক চিকিৎসালয়ত স্থাপন কৰা কোভিড কেয়াৰ চেণ্টাৰত বৃহস্পতিবাৰে এজন যুৱকৰ মৃত্যু হয় ৷ মৃত যুৱকজন ধুবুৰী জিলাৰ সুমন সেন (৩৩) বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে জ্বৰ আদি শাৰীৰিক অসুস্থতাত ভুগি থকা সুমন সেনক পৰিয়ালৰ লোকে পুৱাৰ ভাগত বঙাইগাঁৱৰ ল'ৱাৰ আসাম হাস্পতালত চিকিৎসা গ্ৰহণৰ বাবে লৈ আহিছিল ৷ আনকি সুমনৰ মাতৃকো শাৰীৰিক অসুস্থতাৰ বাবে ল'ৱাৰ আসাম হাস্পতালত চিকিৎসাৰ বাব আনিছিল৷কিন্তু জ্বৰত আক্ৰান্ত হৈ থকা যুৱকজনক চিকিৎসালয়খনৰ পৰা কোভিড- ১৯ পৰীক্ষা কৰিব লাগিব বুলি কয় ৷ যুৱকজনক বঙাইগাঁও অসামৰিক চিকিৎসালয়ত গৈ কোভিড পৰীক্ষা কৰাৰ বাবেও কয় ৷ সেই মতে পিচত যুৱকজনক পৰিয়ালৰ লোকে কোভিড পৰীক্ষাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ যায়।চিকিৎসালয়খনত সুমনৰ ৰেপিড এণ্টিজেন পৰীক্ষা কৰাত দেহত কোভিড- ১৯ পজিটিভ ধৰা পৰাত পিচত চিকিৎসালয়খনৰ কোভিড কেয়াৰ চেণ্টাৰত ভৰ্তি কৰা হয় যদিও সন্ধিয়াৰ ভাগত যুৱকজনৰ মৃত্যু হয় ৷ আনহাতে,যুৱকজনৰ পৰিয়ালৰ লোকে অভিযোগ কৰা মতে উপযুক্ত চিকিৎসাৰ অভাৱতে যুৱকজনৰ মৃত্যু হয়।যুৱকজনক সময় মতে উপযুক্ত চিকিৎসা প্ৰদান নকৰা বুলিও অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে ৷ ইফালে, সুমন সেনৰ কোভিডত মৃত্যু হোৱা বুলি স্পষ্ট কৰা নাই বঙাইগাঁও জিলা প্ৰশাসনে।জিলা প্ৰশাসনে যুৱকজনৰ মৃত্যুৰ অন্তৰ্নিহিত কাৰণ কোভিড- ১৯ সম্পৰ্কীয় ৰাজ্যিক পৰ্যায়ৰ ডেথ অডিট কমিটীয়ে নিৰ্ধাৰিত কৰিব বুলি জনাইছে ৷ জিলা প্ৰশাসনে লগতে সদৰি কৰা মতে ৰোগীজন আবেলি বঙাইগাঁও অসামৰিক চিকিৎসালয়ত উপস্থিত হৈছিল আৰু তেওঁক দুপৰীয়াৰ আহাৰ যোগান ধৰা হৈছিল ৷ সেইদৰে ৰোগীজনৰ এচ পি অ ২, বি পি আদি যাৱতীয় যিখিনি পৰ্যবেক্ষণ কৰিব লাগে সেয়া নিয়মমতে কৰা হৈছিল ৷ কিন্তু সন্ধিয়াৰ ভাগত হঠাতে যুৱকজনৰ স্বাস্থ্যৰ অৱনতি  ঘটে আৰু মৃত্যু হয় ৷ ৰোগীজনক গাইড লাইন অনুযায়ী চিকিৎসা প্ৰদান কৰা হৈছিল বুলিও সদৰি কৰিছে ৷ ইপিনে বঙাইগাঁও জিলাত বিগত ২৪ ঘণ্টাত ৩২ জন ব্যক্তিৰ দেহত কোভিড পজিটিভ ধৰা ৰৰিছে ৷ শুকুৰবাৰলৈ জিলাখনত কোভিডত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা ৮৮১ জনলৈ বৃদ্ধি পালে ৷ ইয়াৰ ভিতৰত ৫৫৩ জন ৰোগী সুস্থ হৈ ঘৰলৈ উভতি যোৱাৰ বিপৰীতে ২৩৩ জন ৰোগী জিলাখনৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ আনহাতে জিলাৰ বাহিৰত চিকিৎসাধীন হৈ আছে ৯৫ জন। 

 

Your Comments