কোৱাৰেইন্টাইন শিবিৰৰ চাফাই কৰ্মীক সম্বৰ্ধনা বৰপেটাৰোড পৌৰসভাৰ

বৰপেটাৰোড

বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰ:

সম্প্ৰতি সমগ্ৰ বিশ্ববাসীক কোঙা কৰা ক’ৰ'না ভাইৰাছে যাতে গণ সংক্ৰমণ ঘটাব নোৱাৰে তাৰ বাবে বহু লোকক কোৱাৰেইন্টাইন শিবিৰত প্ৰশাসনৰ তৰফৰ পৰা ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷ যাৰ বাবে বিভিন্ন শিক্ষানুষ্ঠান, হোটেলত কোৱাৰেইন্টাইন শিবিৰ স্থাপন কৰা হৈছে ৷ এই কোৱাৰেইন্টাইন শিবিৰবোৰ যাতে সম্পূৰ্ণ পৰিস্কাৰ-পৰিছন্ন হৈ থাকে,তাৰ বাবে নিয়োগ কৰা হৈছে ভালেমান চাফাই কৰ্মী ৷ কোভিড-১৯ যুদ্ধৰ এইসকল সেনানীৰ সেৱাক স্বীকৃতি দিয়াৰ লগতে তেওঁলোকক উৎসাহিত কৰাৰ বাবে শুকুৰবাৰে বৰপেটাৰোড পৌৰসভাৰ দ্বাৰা সম্বৰ্ধনা জনোৱা হয় ৷

Barpetaroad

বৰপেটাৰোড পৌৰসভা আৰু সৰভোগ পৌৰ সভাৰ অন্তৰ্গত কোৱাৰেইন্টাইন শিবিৰসমূহৰ চাফাই-কৰ্মীসকলক সম্বৰ্ধনা জনায় বৰপেটাৰোড পৌৰ সভাৰ দ্বায়িত্বত থকা কাৰ্য্যবাহী বিষয়া তথা অতিৰিক্ত উপায়ুক্ত সান্ত্বনা বৰাই। 

Barpetaroad                    

Your Comments