বঙাইগাঁও জিলাৰ বিদ্যাপুৰত ত্ৰিপুৰাৰ দুগৰাকী লোকক উদ্ধাৰ

Tripura Resident

*ডাইবেটিছ ৰোগৰ চিকিৎসাৰ বাবে কৌশলেৰে মাতি আনি আৱদ্ধ কৰি দুৰ্বৃত্তই লুটিলে ধনসহ সকলো সামগ্ৰী*

*পলায়ন কৰি প্ৰাণ ৰক্ষা দুয়োৰে* 

বঙাইগাঁৱৰ প্ৰতিবেদক:

বঙাইগাওঁ জিলাৰ বিদ্যাপুৰ আৰক্ষী চকীৰ অৰ্ন্তগত ফুলকুমাৰী গাৱঁত সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ঘটনা । ত্ৰিপুৰাৰ দুগৰাকী ব্যক্তিক চিকিৎসাৰ প্ৰলোভনেৰে গাওঁখনলৈ মাতি আনি দুৰ্বৃত্তই দুয়োজনকে এটা ঘৰত গোপনে আৱদ্ধ কৰি ৰাখি তেওঁলোকৰ পৰা লুটিলে ধনসহ সকলো সামগ্ৰী ৷ অৱশ্যে  পিছত লোক দুজন তেওঁলোকৰ কৱলৰ পৰা কোনো মতে পলায়ন কৰি নিজকে ৰক্ষা কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, ত্ৰিপুৰাৰ কল্যাণপুৰ থানাৰ অন্তৰ্গত এলেকাৰ বীৰমণি দেৱ বৰ্মন আৰু বিকাশ দেৱ বৰ্মনক ডাইবেটিছ ৰোগৰ চিকিৎসাৰ প্ৰলোভনেৰে মাতি আনি আনোৱাৰ হুছেইন নামৰ লোকজনৰ ঘৰত  দহ-এঘাৰ জনীয়া দল এটাই আৱদ্ধ কৰি ৰাখে।লোক দুজন যিহেতু ডাইবেটিছ ৰোগী,সেয়ে দুয়োকে আয়ুৰ্বেদিক ঔষধ দিব বুলি কৈ মাতি আনিছিল।পিচত লোক দুজনৰ পৰা ত্ৰিশ হাজাৰৰো অধিক টকাৰ লগতে ম'বাইল ফোন,ঘড়ী, এ টি এম কাৰ্ড আদি সকলো কাঢ়ি লয়  দলটোৱে। দুৰ্বৃত্তকেইজনে লোক দুজনৰ পৰা ভয়-ভাবুকিৰে এটিএমৰ পিন নম্বৰো লৈ লয় । কিন্তু পুৱতি নিশা লোক দুজনে তেওঁলোকৰ কৱলৰ পৰা কোনোমতে প্ৰাণ বচাই পলাই আহিবলৈ সক্ষম হয় । পলায়ন কৰা এজন ব্যক্তিয়ে পিছত চিঞৰ- বাখৰ কৰাত ৰাইজে ব্যক্তিজনক উদ্ধাৰ কৰি বিদ্যাপুৰ আৰক্ষী চকীক গটাই দিয়ে।আনহাতে,লগৰ আনজন ব্যক্তিক পলায়ন কৰি গৈ থকা অৱস্থাত বইটামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই উদ্ধাৰ কৰে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ লোক দুজন ত্ৰিপুৰাৰ পৰা গুৱাহাটীলৈ আহি ১৪ দিন কোৱাৰেণ্টাইনত থকাৰ পিচত চিকিৎসাৰ বাবে বৃহস্পতিবাৰে বঙাইগাঁও জিলাৰ বিদ্যাপুৰৰ ফুলকুমাৰী গাঁৱত উপস্থিত হৈছিল ৷ ইফালে,ঘটনা সন্দৰ্ভত জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কাকতিয়ে জানিবলৈ দিয়া মতে ব্যক্তি দুজনে ইতিমধ্যে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে আৰু উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷ আনহাতে ত্ৰিপুৰাৰ ব্যক্তি দুগৰাকী নিজ ৰাজ্যলৈ ৰাওনা হোৱা বুলিও জানিবলৈ দিয়ে ৷ 


 

Your Comments