ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত গুৰুত্ব নাপালে শুৱালকুছিৰ ঐতিহাসিক বস্ত্ৰশিল্পই

*ৰাজ্যৰ হস্ততাঁত বস্ত্ৰ বিভাগেও আহৰি নাপালে খবৰ লবলৈ*

মৃণাল ডেকা ,শুৱালকুছি :

আজি ৭ আগষ্ট ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস।এনে সময়ত কেনেদৰে আছে প্ৰাচ্যৰ মাঞ্চেষ্টাৰ খ্যাত শুৱালকুছি । ভাৰতৰ একমাত্ৰ গাঁও,যি কেৱল হস্ততাঁত শিল্পৰ জড়িয়তে বিশ্বৰ বুকুত এটা সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছে।যাৰ বাবে বস্ত্ৰ নগৰী,সোণালী সূতাৰ দেশ,ৰেছম গাঁও আদি নামেৰে বিভূষিত হৈছে । বুৰঞ্জী প্ৰসিদ্ধ  এই শিল্পগাঁও এতিয়ালৈকে পৰিদৰ্শন কৰিছে জাতিৰ পিতা মহামানৱ মহত্মা গান্ধী,প্ৰয়াত প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল কালাম আৰু ভাৰতীয় ৰাজনীতিৰ বহু ৰথী-মহাৰথীয়ে। বিদেশী পৰ্য্যটকেও পৰিদৰ্শন কৰি শিল্পগাঁওখন।শুৱালকুছিৰ বস্ত্ৰশিল্পৰ কাৰিকৰী দিশ নিজ চকুৰে প্ৰতক্ষ্য কৰি অভিভূত হৈ পৰিছিল জাতিৰ পিতা   মহাত্মা গান্ধীয়েও । মহাত্মা গান্ধীয়ে শিপিনীৰ তাঁতশালৰ পাট কাপোৰ দেখি  কৈছিল  যে শুৱালকুছিৰ শিপিনীয়ে তাঁতশালৰ  কাপোৰত সপোন ৰচে ।কিন্তু এই ইতিহাস প্ৰসিদ্ধ বস্ত্ৰ শিল্পটোৰ বৰ্তমান অৱস্থা কেনে আছে । কেনেকৈ জীয়াই আছে শিল্পটো । ৰজাঘৰীয়াৰ অনীহাকে ধৰি এশ এবুৰি সমস্যাৰে জৰ্জৰিত শিল্পটোৰ বৰ্তমান সংকটজনক অৱস্থাৰ বাবে নৱ প্ৰজন্মৰ  মাজত শিল্পটোৰ প্ৰতি দেখা গৈছে অনীহা ।মাজে সময়ে শিল্পটোক উদ্ধাৰৰ বাবে 'আছু',শিল্পটোৰ লগত জড়িত স্থানীয় দুই-এটা সংগঠনে বিভিন্ন সমস্যা চৰকাৰৰ দৃষ্টিগোচৰ কৰি আহিছে যদিও চৰকাৰৰ  সু-পৰিকল্পনাৰ অভাৱ প্ৰত্যক্ষ কৰা হৈছে।  চৰকাৰেও মাজে-সময়ে আচনি ৰূপায়ণ কৰে যদিও ৰজাঘৰীয়াৰ প্ৰস্তুত কৰা ভুল আঁচনি ৰূপয়াণৰ বাবে প্ৰকৃত শিপিনীসকল বঞ্চিত হৈ আহিছে আঁচনিৰ পৰা। বৰ্তমানৰ অৱস্থা দেখিলে এটা স্পষ্ট ধাৰণা  কৰিব পাৰি যে  শুৱালকুছিৰ তাঁঁতশিল্প অতি কম দিনৰ ভিতৰতে ধ্বংসৰ দিশলৈ গতি কৰাতো নিশ্চিত।
 

Your Comments