কাৰাবন্দী স্বামী অখিলৰ জামিন নাকচৰ পিছত পত্নী গীতাশ্ৰীয়ে কি ক'লে পঢ়ক...

Akhil Gogoi

বিগত ৮ মাহ ধৰি কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈৰ জামিন আবেদন শুকুৰবাৰে 'নিয়া'ৰ বিশেষ আদালতে নাকচ কৰে।ৰাজ্যবাসীৰ প্ৰৱল প্ৰতিবাদৰ পিছতো কৃষক নেতাগৰাকীয়ে লাভ নকৰিলে জামিন।ইফালে দীৰ্ঘদিন ধৰি স্বামীৰ অনুপস্থিতিত একমাত্ৰ কণমানি পুত্ৰক বুকুত সাৱটি দিন-ৰাতি পাৰ কৰিছে পত্নী গীতাশ্ৰী তামুলীয়ে।আজিৰ দিনটোত ন্যায়ালয়ৰ শুনানিলৈ ৰাজ্যবাসীৰ লগতে পত্নী গীতাশ্ৰীয়েও অধিৰ আগ্রহেৰে অপেক্ষা কৰিছিল।আশা কৰিছিল-স্বামী মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ'ব।কিন্তু শেষ মুহূৰ্তত 'নিয়া'ৰ পক্ষত থাকিল আদালতৰ ৰায়।

Pic


আনহাতে,আদালতৰ শুনানিৰ পিছতে সামাজিক মাধ্যম ফেচবুকত গীতাশ্ৰী তামুলীয়ে লিখিছে এইদৰে-"(কথাবোৰ, ঘটনাবোৰ ক'ত,কোনে ভাবে বা আৰম্ভ কৰে বুজাটো ইমান সহজ নহয়।আদালতত চৰকাৰী অধিবক্তাৰ কথাবোৰ শুনি থাকোঁতে এনে লাগিছিল আপোনালোকে ভাল পাওক বা বেয়া পাওক,মই বিচাৰোঁ বা নিবিচাৰোঁ,  এজনেই নেতা, এটাই origin সকলো ঘটনাৰ। চাবুৱাৰ পৰা শিৱসাগৰ, যোৰহাট, নগাঁও, মৰিগাঁও, বিলাসীপাৰা, অভয়াপুৰীলৈ। য'ত যি ঘটিল, সকলো ঘটনাৰ এজনেই মাথোন প্ৰযোজক, নিয়ন্ত্ৰক, বা যি বুলি কয়। ভৱিষ্যতে ইতিহাস লেখকসকলে তেতিয়া আৰক্ষীৰ এই ফাইলবোৰ পঢ়িব, এজনেই নেতা বিচাৰি পাব। আপোনালোকে ভাল পাওক, বা বেয়া পাওক। 
মোৰ মনত কিন্তু এটা প্ৰশ্ন আজিও আছে। এটাই কেন্দ্ৰবিন্দু নে? সেয়ে আজি এটা ভিন্ন উপস্থাপন আগবঢ়ালোঁ। পঢ়ক, গালি পাৰক, কেৱল সমবেদনা নজনাব।)

"গল্প নহয়":
'কা' তেতিয়া  'কেব' হৈয়ে আছিল। কৰ পৰীক্ষা শেষ হৈছে। লগৰ বন্ধুৰ লগত সৰুসজাইত ফুটবল খেল চাবলৈ গ'ল। হাতত কোনোবা এটা দলৰ সমৰ্থনত ফেষ্টুন লৈ। সোমাই যাওঁতে নিৰাপত্তাৰক্ষীয়ে হেনো ক'লে, 'No CAB' বুলি লিখি নানিলা কিয়? আন্তৰ্জাতিক খেল আছিল। নিৰাপত্তাৰক্ষীজনে বুজিছিল, এনে এখন প'ষ্টাৰ থাকিলে খবৰটো দূৰলৈ বিয়পি পৰিলহেঁতেন। ল'ৰাহঁতে কিজানি বুজিলে, ডাঙৰ ভুল হৈ গ'ল!

দুদিনমানৰ পাছত প্ৰায় অভাৱনীয় ধৰণেৰে আন্দোলনটোৱে বিশাল জনজাগৰণৰ ৰূপ ল'লে। ক প্ৰায় ব্যাকুল হৈ উঠিল। সি গামোচাত No CAB বুলি লিখি দীঘলীপুখুৰীৰ ফালে গ'ল। কিন্তু কোনো আন্দোলন নাই। পিছত জানিলে, সেইদিনা জনতা ভৱনৰ ফালেহে আন্দোলন হৈছিল। ক সেইদিনা শুব নোৱাৰিলে। মাকৰ লগত বহি কই প্ৰথমবাৰৰ বাবে টিভিত আন্দোলনৰ দৃশ্য চালে। টিভিত এজন পুলিচ বিষয়াৰ মুখৰ আঘাত দেখি কৰ মাকৰ চকুত পানী বিৰিঙিছিল। আৰক্ষীৰ লোকক লক্ষ্য কৰি নল'বলৈ কোনোবাই লিখা প'ষ্টাৰ এখনো মাকে শ্বেয়াৰ কৰিছিল ফেচবুকত।কোনেইবা তেওঁৰ কথা শুনিব? তথাপিও!"

গুৰুত্বপূৰ্ণ যে ক'ৰ'না ভাইৰাছত আক্রান্ত হৈ অখিল গগৈ গুৱাহাটী মেডিকেল কলেজ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

Your Comments