ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক বদিৰুদ্দিন আহমেদৰ মৃত্যুত হাজোত শোক

Hajo

হাজোৰ পৰা কমলাকান্ত দাস:

হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত কলিতাকুছি বামুণবড়ী নিৱাসী বিশিষ্ট সমাজকৰ্মী তথা ৰৌমাৰী কিছমৎ আঞ্চলিক হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক অভিনেত্ৰী ছেমিম আহমেদ ছিদ্দিকীৰ পিতৃ বদিৰুদ্দিন আহমেদৰ বুধবাৰে নিশা মধুমেহ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।মৃত্যুৰ সময়ত বয়স হৈছিল ৫৫ বছৰ।জানিব পৰা মতে,দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত আহমেদক পৰিয়ালৰ লোকে কেইদিনমান পূূৰ্বে উত্তৰ গুৱাহাটীস্থিত জিএনআৰচি  হাস্পতালত ভৰ্তি কৰাইছিল যদিও নিশা চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় । অতি নম্ৰ,সকলোৰে সৈতে মিলিব পৰা আহমেদে প্ৰথম অৱস্থাত হাজো দলৌতোলা চৌকত আলী হাইস্কুলত শিক্ষকতা আৰম্ভ কৰে যদিও ১৯৮৯ চনত ৰৌমাৰী কিছমত আঞ্চলিক হাইস্কুলত হিন্দী শিক্ষক হিচাপে যোগদান কৰি ২০১৭ চনত সেইখন বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিচাপে বৰ্তমানেও দায়িত্ব গ্ৰহণ ভাৰ গ্ৰহণ কৰি আছিল।তদুপৰি আহমেদে হাজো-কলিতাকুছি অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা শিক্ষানুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত  হৈ আছিল।তেওঁঁৰ মৃত্যুত 'আছু' নেতা প্ৰকাশ চন্দ্ৰ দাস,হাজো সাংবাদিক সন্থা,হাজো আঞ্চলিক ছাত্ৰ সন্থাকে ধৰি অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তিয়ে শোক প্ৰকাশ কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।মৃত্যুৰ সময়ত পত্নী,দুই পুত্ৰ আৰু দুগৰাকী কন্যা সহিতে বহু আত্মীয়ক ইহসংসাৰত এৰি থৈ যায়।

Your Comments