বৰভাগত সামাজিক-সাংস্কৃতিক অনুষ্ঠান 'ৰংগমঞ্চ'ৰ শুভাৰম্ভ 

Nalbari Dist.

নৰেন শৰ্মা,বাহাৰঘাট:

নলবাৰী জিলাৰ বৰভাগৰ কেইবাজনো উদ্যমী পেছাদাৰী-অপেছাদাৰী সাংস্কৃতিক-কৰ্মীৰ প্ৰচেষ্টাত এটা নতুন সাংস্কৃতিক সংগঠন 'ৰংগমঞ্চ'ৰ যোৱা ১ আগষ্টত জন্ম হয়।বৃহত্তৰ বৰভাগৰ ন-পুৰণি শিল্পীক সামৰি শিল্পকৰ্মৰ লগতে বিভিন্ন ক্ষেত্ৰত শিল্পীৰ প্ৰতিভা প্ৰদৰ্শন কৰা,শিল্পীসকলক একগোট কৰি সমাজ তথা সাংস্কৃতিক জগতত কাম কৰি যোৱাৰ উদ্দেশ্যেৰে নৱগঠিত ৰংগমঞ্চৰ আনুষ্ঠানিক মুকলি অনুষ্ঠানটো অনুষ্ঠিত হয় বৰভাগ কলেজৰ সমীপত।পুৱা ১১ বজাত এই উপলক্ষে বন্তি প্ৰজ্বলন কৰে ব্যৱসায়ী থানেশ্বৰ ডেকাই।নাৰিকল ভাঙে সমাজকৰ্মী তথা শিক্ষক মুকুল লহকৰে।

Pic

সভাত বিশেষ অতিথি হিচাপে উপস্থিত থাকি ৰংগমঞ্চৰ বেনাৰ মুকলি কৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ যুৱ নাট্যকাৰ তথা অভিনেতা কবিন ৰাজে। আনহাতে,গছপুলি ৰোপনে কৰি বিশেষভাৱে  উপস্থিত থাকে চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজশ্ৰী বুঢ়াগোহাঁই।সভাত উদ্যোক্তাসকলে ৰংগমঞ্চৰ পৰৱৰ্তী কাৰ্য্যাৱলীসমূহ উপস্থিতসকলক অৱগত কৰে।উল্লেখ্য যে সেইদিনা ৰংগমঞ্চৰ উদ্যোক্তাসকলে অভিনয় কৰা আৰু নিৰ্মাণ কৰা এখন চুটি ছবি ছ'চিয়েল মিডিয়াত মুকলি কৰে।

Your Comments