নগাঁৱৰ বেবেজীয়াত স্বাস্থ্য বিভাগৰ ৰেপিড এন্টিজেন টেষ্ট 

Bebejia

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা:

নগাঁও জিলাত ক'ৰ’নাৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জিলা স্বাস্থ্য বিভাগে বৃহস্পতিবাৰে বেবেজীয়া চাৰিআলিত বুঢ়াগোঁসাই থান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত তথা বেবেজীয়া সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ সহযোগত বিনামূলীয়া ৰেপিড এন্টিজেন টেষ্টৰ এটা শিবিৰ অনুষ্ঠিত কৰে ৷  শুকুৰবাৰে পুৱা বেবেজীয়াৰ লাইনছ ক্লাব জিৰণি চ'ৰাত শিবিৰটোত পৰীক্ষা কৰাসকলৰ ভিতৰত মুঠ ছয়গৰাকী লোকৰ দেহত ক’ভিড-১৯ ৰ উপস্থিতি পোৱা যায় ৷ ক’ভিড পজিটিভ চিনাক্ত হোৱা এই লোককেইজন হৈছে বেবেজীয়াৰ সমীপৰ মাহৰিআটিৰ মদন বৰদলৈ(৩২), ৰুদ্ৰ বৰা(২৮), এফলীয়াবড়িৰ বিষ্ণুৰাম বৰা(৬০),ভালুকমাৰীৰ দীপাংকৰ ডেকা(৩৫), নগাঁও চহৰৰ জেইল ৰোডৰ দয়াৱতী গায়ন মহন্ত(৫৮) আৰু হৃষিকেশ মহন্ত(৩০) ৷ ইয়াৰে ৰুদ্ৰ বৰা আৰু দীপাংকৰ ডেকাক স্বাস্থ্য বিভাগে চিকিৎসাৰ বাবে নগাঁৱৰ ক’ভিড হস্পিতাললৈ প্ৰেৰণ কৰাৰ বিপৰীতে বাকী চাৰিজনক হোম আইছ’লেছনত পঠিওৱা হয় বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা শিবিৰটিত মুঠ ১০৮ জন ব্যক্তিৰ স্বাৱ পৰীক্ষা কৰা হয় ।

Your Comments