মৰিগাঁৱত ক'ৰ'না অৱস্থিতি লাভ কৰা প্ৰসূতিৰ ৰক্তক্ষৰণত মৃত্যু:জানাজা সম্পন্ন কৰাক লৈ উত্তপ্ত পৰিস্থিতি

Morigaon

*জিলা প্ৰশাসনৰ লোক উপস্থিত হৈ কৰে পৰিস্থিতি নিয়ন্ত্ৰণ*
*মৰিগাঁঁৱত পুনৰ ১০০ জন নতুনকৈ আক্ৰান্ত*
*আক্ৰান্তৰ সংখ্যা ৯৮৭ জনলৈ বৃদ্ধি*


 মৰিগাঁৱৰ  পৰা জিতুুুমণি নাথ:

মৰিগাঁও অসামৰিক চিকিৎসালয়ত নিশা ক'ৰ'নাৰ অৱস্থিতি লাভ কৰা এগৰাকী প্ৰসূতিৰ মৃত্যু হোৱাৰ পিছত জানাজা  সম্পন্ন কৰাক ল উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। পিছত জিলা প্ৰশাসনৰ মুৰব্বী বিষয়াৰ উপস্থিতিত মহিলাগৰাকীৰ ঘৰৰ পিছফালে পৰিয়ালৰ লোকে জানাজ সম্পন্ন কৰিব লগীয়াত পৰে। মৃত্যু হোৱা মহিলাগৰাকীৰ ঘৰ হৈছে ধৰমতুল থানাৰ অন্তৰ্গত তেলাহীত।মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডা: নবীন ভূঞাই জানিবলৈ দিয়া মতে হাছিনা খাতুন(২৮) নামৰ তেলাহীৰ প্ৰসূতীগৰাকীক বুধবাৰে মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰাইছিল পৰিয়ালৰ লোকে।দুপৰীয়া মহিলা গৰাকীয়ে সাধাৰণভাৱে এগৰাকী কন্যা সন্তানক জন্ম দিয়ে।মহিলাগৰাকীক ভৰ্তি কৰোৱাৰ লগে লগে চিকিৎসালয় কৰ্তৃপক্ষই  ক'ৰ'না পৰীক্ষা কৰাই যদিও সন্তানটোৰ জন্মলাভৰ পিছতহে কৰ'না অৱস্থিতিৰ লাভৰ ফলাফল লাভ কৰে। এনে অৱস্থাত চিকিৎসকে ততাতৈয়াকৈ মৰিগাঁও অসামৰিক চিকিৎসালয়ত থকা কৰ'না আইছ'লেচন কক্ষত ভৰ্ত্তি কৰোৱাই মহিলাগৰাকীক।চিকিৎসালয়ত সকলোবোৰ ঠিকে থাকে যদিও নিশা মহিলা গৰাকী ৰক্তক্ষণত ভুগিব লগাত পৰে। চিকিৎসালয়ৰ চিকিৎসকসকলে ৰক্তক্ষণত ভুগা মহিলাগৰাকীক পৰ্যাপ্ত পৰিমানে চিকিৎসা সেৱা আগবঢ়াই থকাৰ সময়তে নিশা ১০. ৩০ বজাত মৃত্যু মুখত পৰে মহিলাগৰাকী। ইফালে,  বৰ্তমানে সুস্থ হৈ থকা শিশুটোৰ কৰ'নাৰ পৰীক্ষাত ফলাফল ঋণাত্মক আহে।ইয়াৰ মাজতে বৃৃহস্পতিবাৰে চিকিৎসালয় কৰ্তৃপক্ষই  চৰকাৰী সকলো ৰীতি-নীতিৰ মাজেৰে মৃত্যু হোৱা মহিলাগৰাকীৰ শৰীৰটো নিজা বাসগৃহত পৰিয়ালক চমজাই দিবলৈ যাওঁতে স্থানীয় ৰাইজৰ মাজত বিয়পি পৰা ভুল বাৰ্তাক লৈ এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়।একাংশই মৃত্যু হোৱা মহিলাগৰাকীৰ শৰীৰটো গাঁৱত প্ৰৱেশ কৰোৱাক লৈ প্ৰতিবাদ কৰাৰ লগতে আন একাংশই ৰাজহুৱা কবৰ শস্থানত জানাজা সম্পন্ন কৰিবলৈ দিয়াত অমান্তি হয়।এনে এটা উত্তপ্ত পৰিস্থিতিৰ মাজতে জিলা প্ৰশাসনৰ মুৰব্বী বিষয়াসকলে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি শেষত মহিলাগৰাকীৰ ঘৰৰ পিছফালে জানাজা   সম্পন্ন কৰিব লগাত পৰে।
আনহাতে, জিলাখনত ক'ৰ'নাত আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাই থকাৰ মাজতে বৃহস্পতিবাৰে জিলাখনৰ বিভিন্ন প্ৰান্তত মুঠ ১০০ জন লোকৰ দেহত ক'ৰ'না অৱস্থিতি লাভ কৰা হয়।ইয়াকে লৈ জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা ৯৮৭  জনলৈ বৃদ্ধি পায়।আজি নতুনকৈ ক'ৰ'না অৱস্থিতি লাভ কৰাসকলৰ ভিতৰত ৩০ জন লোকৰ শ্বোৱাব পৰীক্ষাত ক'ৰ'নাৰ অৱস্থিতি লাভ কৰাৰ লগতে আন ৭০ জন লোকৰ জিলা প্ৰশাসনে জিলা স্বাস্থ্য বিভাগৰ সহযোগত স্থানীয়ভাৱে চলাই থকা ৰেপিড এন্টিজেন পৰীক্ষাত ক'ৰ'নাৰ অৱস্থিতি লাভ কৰা বুলি জনা গৈছে।আজিৰ দিনটোত আক্ৰান্ত সকলৰ ভিতৰত ভূৰাগাঁৱৰ সৰ্বাধিক বুলি জানিব পৰা গৈছে।

Your Comments