কামৰূপৰ হালোগাঁৱত প্ৰথমগৰাকী ক’ভিড পজিটিভ আক্ৰান্তৰ মৃত্যু

হাজোৰ পৰা কমলাকান্ত দাস:

কামৰূপ  জিলাৰ শুৱালকুছি প্ৰাথমিক স্বাস্থ্য কেন্ৰৰ অন্তৰ্গত  হালোগাঁৱৰ কৃষ্ণ মেধী (৫১ ) নামৰ এগৰাকী ব্যক্তিৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয় জানিব পৰা মতে,অঞ্চলটোত বিভিন্ন সামজিক কামত জড়িত হালোগাওঁ মেধী চুবুৰীৰ এই গৰাকী ব্যক্তিয়ে ২৮ জুলাইত হালোগাঁঁৱত ৰেপিড টেষ্ট কৰাত তেওঁৰ লগতে পত্নীৰ দেহত ক'ভিড পজিটিভ ধৰা পৰে ৷  প্ৰথমে তেওঁক আমিনগাওঁ ক’ভিড চিকিংসালয় ভৰ্তি কৰোৱা হৈছিল যদিও পিছত তেওঁৰ অৱস্থা অধিক জটিল হোৱাত লগে লগে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্ত্তি কৰে।বৃহস্পতিবাৰে নিশা প্ৰায় ৩ বজাত তেওঁৰ  মৃত্যু হয়।হালোগাঁৱত প্ৰথম গৰাকী ক’ভিড আক্ৰান্তত মৃত্যু হোৱাত অঞ্চলটোৰ ৰাইজক চিন্তিত কৰি তুলিছে।ইফালে কৃষ্ণ মেধীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অঞ্চলটোত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।বৃহস্পতিবাৰে হালোগাওঁ চক বজাৰৰ সকলো দোকান-পোহাৰ  বন্ধ ৰাখে।মৃত্যুৰ সময়ত পত্নী, দুই পুত্ৰ-কন্যাক ইহসংসাৰত এৰি থৈ যায়।আনহাতে,হাজো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যলয়ত  বৃহস্পতিবাৰে ৩০ গৰাকী ব্যক্তিৰ ক’ভিড টেষ্ট কৰা হয়।ইয়াৰে মণ্ডল উৎপল মালাকাৰ (৩৪),সমৰ দাস( ৩৬) আৰু অনুপ কলিতা (৩০ )ৰ দেহত ক’ভিড পজিটিভ পোৱাত তেওঁলোকক স্বাস্থ্য বিভাগে আমিনগাঁও ক’ভিড হস্পিতালত ভৰ্ত্তি কৰে । এই ক্ষেত্ৰত চক্ৰ বিষয়া সুকন্যা বৰাই সকলোকে স্বাস্থ্য বিভাগ আৰু চৰকাৰৰ নীতি -নিয়ম মানি সজাগ আৰু সচেতন হৈ থকাৰ বাবে ৰাইজলৈ আহ্বান জনাইছে।

Your Comments