ঘগ্ৰাপাৰত ক’ৰ'না ভাইৰাছৰ গণ সংক্ৰমণ:৪৮ ঘন্টাত ৩৩ জন ক'ভিড -১৯ আক্ৰান্তক চিনাক্ত 

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰী জিলাৰ ঘগ্ৰাপাৰত ক'ৰ'না ভাইৰাছৰ গণ সংক্ৰমণ আৰম্ভ হৈছে।বিগত ৪৮  ঘন্টাত ঘগ্ৰাপাৰ  ৰাজহ চক্ৰৰ অন্তৰ্গত আল্লিয়া বজাৰ চ’কৰ ব্যৱসায়ীসকল আৰু দক্ষিণ গাঁৱত নিৰ্মীয়মান নলবাৰী মেডিকেল কলেজত কৰ্মৰত শ্ৰমিকসকলৰ  মাজত স্বাস্থ্য বিভাগে কৰা ৰেপিড এন্টিজেন টেষ্টৰ ফলাফলত  এই ভংয়কৰ তথ‍্য পোহৰলৈ আহিছে।স্বাস্থ্য বিভাগে বুুধবাৰ আৰু আজিৰ দিনটোত আল্লিয়াৰ ১০০জন ব‍্যক্তিৰ স্বাৱ পৰীক্ষা কৰাত মুঠ ২৮ গৰাকীৰ দেহত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।আনহাতে বৃহস্পতিবাৰে নিৰ্মিয়মান নলবাৰী মেডিকেল কলেজৰ ৬৪ গৰাকী শ্ৰমিকৰ স্বাৱ পৰীক্ষা কৰাৰ অন্তত ৫ জনৰ দেহত ক’ভিড-১৯ ৰ উপস্থিতি ধৰা পৰে। ভ্ৰমণ বৃত্তান্ত নথকা এইসকল আক্ৰান্তৰ খবৰে ঘগ্ৰাপাৰ অঞ্চলৰ ৰাইজক আতংকিত কৰি তুলিছে।

Your Comments