পাণবজাৰ থানাৰ নৱ-নিৰ্মিত গৃহ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

CM

'মৈত্ৰী আঁচনি'ৰ অধীনত নৱনিৰ্মিত পাণবজাৰ আৰক্ষী থানাৰ গৃহ উদ্বোধন।উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ বাস্তৱ ৰূপায়ণ হ'বলৈ হ'লে থানাসমূহৰ উন্নীতকৰণ হোৱাটো অতি জৰুৰী বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়-"দক্ষিণ-পূবএছিয়াৰ দুৱাৰমুখ হিচাপে গুৱাহাটীক গঢ় দিবলৈ চেষ্টা কৰা হৈছে।গতিকে আধুনিক ৰূপত সজাই তুলিব লাগিব।"

অসম ৰাইজৰ সম্মুখত আজি ইমান প্ৰত্যাহ্বানে দেখা দিয়াৰ পিছতো ৰাইজৰ মনোবল কিন্তু হেৰাই যোৱা নাই।মনোবল অটুট ৰাখি দৃঢ়তা-শৃংখলাবদ্ধতাৰে যুঁঁজ দিয়াৰ বাবে অসমবাসীক ধন্যবাদ জনাই মুখ্যমন্ত্ৰী সোণোৱালে।ৰাইজৰ যুঁজত অসম আৰক্ষীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বুলিও তেওঁ লগতে কয়।

উল্লেখ যে ৰাজ্যত মৈত্ৰী আঁচনিৰ অধীনত নিৰ্মাণ হ'ব মুঠ ৩৪৪খন থানা।পুনৰ নিৰ্মাণ কৰিবলৈ লোৱা থানাসমূহৰ প্ৰায়সমূহ ইংৰাজৰ দিনতে স্থাপন হোৱা।প্ৰথম পৰ্যায়ত ৰাজ্যত ৭৩খন থানা নিৰ্মাণ কৰি থকা হৈছে।তাৰে ৪০খন থানাৰ ১০০শতাংশ কাম সম্পূৰ্ন হৈছে।২৩খনৰ উদ্বোধন কৰা হৈছে।

Pic

অহা বর্ষত ৪৫খন নতুনকৈ থানা নিৰ্মাণ কৰা হৈছে।ইতিমধ্যে,তাৰ বাবে মাটি জৰীপৰ কাম সম্পূৰ্ণ হৈ উঠিছে।     

তাৎপৰ্যপূৰ্ণ যে গুৱাহাটীৰ পাণবজাৰ আৰক্ষী থানাৰ ১৫ জনকৈ আৰক্ষী আক্রান্ত হৈছে ক'ৰ'না ভাইৰাছত।ইফালে,ক'ৰ'না ভাইৰাছত আক্রান্ত হৈ ৰাজ্যত প্ৰাণ হেৰুৱাব লগা হৈছে ৫জনকৈ আৰক্ষীয়ে।

গুৱাহাটীৰ ৰাইজৰ নিৰাপত্তাৰ স্বাৰ্থত পাণবজাৰ থানা উছৰ্গা কৰা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।

উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত।গুৱাহাটীৰ স্মাৰ্ট চিটী প্ৰকল্প আগবঢ়াই নিবলৈ ট্ৰেফিক নিয়ন্ত্ৰণ আৰু নিৰাপত্তাৰ দিশটোৰ উন্নীতকৰণৰ বাবে চিচিটিভি ব্যৱস্থাৰ উন্নয়ন কৰি লাগে বুলিও অনুষ্ঠানত উপস্থিত থকা গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক আহ্বান জনায় সঞ্চালক প্ৰধানগৰাকীয়ে।

উল্লেখযোগ্য যে ১২৫ বছৰৰ পুৰণি পাণবজাৰ আৰক্ষী থানাখন।

Your Comments