অসম চৰকাৰৰ উদ্যোগ:প্ৰথমবাৰৰ বাবে কামৰূপৰ দদৰাত ঐতিহাসিক আলাবৈ ৰণৰ  ৩৫১ সংখ্যক স্মৃতি দিৱস পালন

Aalabai War

*ঐতিহাসিক আলাবৈ ৰণৰ ১০ হাজাৰ অসমীয়া শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ*

*আলাবৈ ৰণৰ যুদ্ধ স্মাৰক নিৰ্মাণ কৰা হ'ব-মুখ্যমন্ত্ৰী*

মৃণাল ডেকা,শুৱালকুছি:

১৬৬৯ খ্ৰীষ্টাব্দত অসম আৰু অসমীয়াৰ শৌৰ্য্যবীৰ্য্য আৰু বীৰত্বৰ চিৰযুগমীয়া কীৰ্তি পূব বংশৰ অঞ্চলৰ আলাবৈ পাহাৰৰ দাঁতিত সংঘটিত ঐতিহাসিক আলাবৈ ৰণ।মোগল আৰু আহোমৰ মাজত সংঘটিত,অসমীয়াৰ বীৰত্বৰ কাহিনীৰে প্ৰোজ্বল আলাবৈ ৰণত দেশ আৰু জাতিৰ বাবে প্ৰাণাহুতি দিয়া ১০ হাজাৰ অসমীয়া বীৰলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে অসম চৰকাৰে।অসম চৰকাৰৰ প্ৰত্নতত্ত্ব আৰু সাংস্কৃতিক সঞ্চালকয়ৰ উদ্যোগত বুধবাৰে দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত কামৰূপ জিলা প্ৰশাসন,শৰাইঘাট জাৰ্ণেলিষ্ট ফ’ৰাম আলাবৈ স্মৃতি ৰক্ষা সমিতিৰ সহযোগত অনুষ্ঠিত অনুষ্ঠানত ঐতিহাসিক আলাবৈ ৰণৰ দহ হাজাৰ অসমীয়া বীৰলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে।অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শ্বহীদ তৰ্পণ আৰু আহোম পৰম্পৰা অনুসৰি মৃতকৰ সদ্গতিৰ কাৰণে দাংফি অনুষ্ঠিত কৰে।

Pic

অনুষ্ঠানত উপস্থিত থাকে বিত্তমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা,জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত,ৰাজ্য চৰকাৰৰ মূখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ,বিধায়ক সত্যব্ৰত কলিতাকে ধৰি কামৰূপ জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকল৷অনুষ্ঠানত কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক পাৰ্থসাৰথি মহন্ত ৰচিত কবিতা 'আলাবৈ যোদ্ধা' নামৰ এটি কবিতা অভিনেতা কপিল বৰাই পাঠ কৰে।লগতে, আলাবৈ ৰণৰ ১৮ মিনিটৰ এখশ তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হয়।উক্ত অনুষ্ঠানত কামৰূপ জিলা প্ৰশাসনৰ জড়িয়তে প্ৰায় ৮৭ বিঘা ভূমিৰ আৱন্টন দি আলাবৈ ৰণৰ স্মৃতি চিৰযুগমীয়া কৰিবলৈ যুদ্ধ স্মাৰক নিৰ্মাণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। 
 

Your Comments