শিৱসাগৰৰ দিচাংমুখত চুকাফা চকীয়াল যুৱ সমাজৰ উদ্যোগত বান সাহায্য বিতৰণ

শিৱসাগৰ

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

ৰাজ্যত এফালে ক'ৰ'নাৰ গণ সংক্ৰমণ আৰু  আনফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানপানীৰ তাণ্ডৱ।এনে বিপদৰ সময়ত অসুবিধাৰ সন্মুখীন হোৱা লোকসকলক অলপ সহায় কৰাৰ উদ্দেশ্যেৰে আগবাঢ়ি আহিছে বহু লোক তথা দল-সংগঠন।শিৱসাগৰৰ দিচাংমুখ অঞ্চলত এই সময়চোৱাত বানপানীয়ে          সমস্যাত পেলাইছে ৰাইজক।সেইসকল বানপীড়িত লোকক অলপমান সহায় কৰাৰ উদ্দেশ্যেৰে দেওবাৰে  চৰাইদেউৰ চুকাফা চকীয়াল যুৱ সমাজৰ উদ্যোগত আৰু সমাজকৰ্মী ধৰ্মেশ্বৰ কোঁৱৰৰ সহযোগত উক্ত অঞ্চলসমূহৰ বানপীড়িত ৰাইজৰ মাজত বিতৰণ কৰে বান সাহায্য।পূৰ্বেও এই যুৱ সমাজৰ উদ্যোগত আৰ্তজনৰ কাষত থিয় হৈ সহায় আগবঢ়াই আহিছে।লগতে,চৰকাৰে বিপদৰ সময়ত আৰ্তজনক সহায় কৰাৰ উদ্দেশ্যেৰে ৰূপায়ন কৰা আঁচনিসমূহলৈও আৰ্থিক সেৱা আগবঢ়াই যোৱাৰ কথা যুৱ সমাজৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়ে।

Your Comments