কেনে পৰ্যায়ত ওলমি আছে ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ,সাংসদ অজিত কুমাৰ ভূঞাৰ বিষ্ফোৰক তথ্য ফাদিল

Ajit Kumar Bhuyan

*আগন্তক সংসদৰ অধিৱেশনত জনজাতিকৰণ বিধেয়ক ভোটৰ বাবে উত্থাপন কৰিব লাগে*

ৰাজ্যৰ ছয় জনগোষ্ঠীক নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এনডিএ চৰকাৰে কৰি অহা জনজাতিকৰণৰ প্ৰতাৰণাৰ বিৰুদ্ধে সৰৱ ৰাজ্যসভাৰ নৱ-নিৰ্বাচিত সাংসদ অজিত কুমাৰ ভূঞা।ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰক্ৰিয়া কেন্দ্ৰই।কি পৰ্যায়ত ওলোমাই ৰাখিছে,সেই সন্দৰ্ভত নৱ-নিৰ্বাচিত সাংসদগৰাকীয়ে ফাদিল কৰিছে বিস্ফোৰক তথ্য।"চূড়ান্ত মিছলীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।ছয় জনগোষ্ঠীক জনজাতিকৰণৰ সপোন দেখুৱাই ৰাজনৈতিক মুনাফা লুটাৰ অংকত ব্যস্ত বিজেপি চৰকাৰ"-এই গুৰুতৰ অভিযোগ সাংসদ ভূঞাৰ।

"২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত বঙাইগাঁৱৰ এখন সভাত বৰ্তমানৰ প্ৰধানমন্ত্ৰী মোডীয়ে ক্ষমতা লাভ কৰাৰ ১০০দিনৰ ভিতৰত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।কিন্তু দুৰ্ভাগ্যজনক শভাৱে বিগত ছয় বছৰ উকলি যোৱাৰ পিছতো ছয় জনগোষ্ঠীৰ দাবী,দাবী হৈয়ে ৰ'ল"-ভূঞাই লগতে কয়।


"ছচিয়েল ষ্টাডিজৰ উপ-পঞ্জীয়ক প্ৰধানৰ তৰফৰ পৰা ভাৰত চৰকাৰৰ জনজাতীয় পৰিক্ৰমা দপ্তৰৰ সঞ্চালকলৈ ২০১৯বৰ্ষৰ ৫ জানুৱাৰীত প্ৰেৰণ কৰা পত্ৰত কোৱা আছে যে ২০১৬ চনৰ ২৯ ফেব্ৰুৱাৰীত গৃহ মন্ত্ৰণালয়ৰ বিশেষ সচিবৰ অধ্যক্ষতাত ভাৰত চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ আৰ্হি সম্পৰ্কে পৰামৰ্শ দিবলৈ গঠন কৰা কমিটীখনে নীতিগত কাৰণত ছয় জনগোষ্ঠীক অনুসূচিত জনজাতিৰ তালিকাভুক্ত কৰিব পৰা যায় বুলি পৰামৰ্শ আগবঢ়াইছিল।কেৱল এয়াই নহয় অসম চৰকাৰে জনজাতীয় পৰিক্ৰমা দপ্তৰলৈ প্ৰেৰণ কৰা প্ৰস্তাৱৰ আধাৰত ছয় জনগোষ্ঠীৰ অতিৰিক্ত নৃগোষ্ঠীগত তথ্য,গৃহ মন্ত্ৰণালয়ৰ পৰামৰ্শ আৰু পূৰ্বৱতী লোকপিয়ল তথ্যসমূহ পুংখানুপুংখভাৱে পৰীক্ষা কৰি দিয়া প্ৰতিবেদনত কোৱা হৈছে-উল্লেখিত ছয় জনগোষ্ঠী জনজাতীয় মূলৰ আৰু তেওঁলোকৰ জনজাতীয় চাৰিত্ৰিক বৈশিষ্ট্যসমূহ বিদ্যমান।অৰ্থাৎ ভাৰতৰ পঞ্জীয়ক প্ৰধানৰ কাৰ্যালয়ে ছয় জনগোষ্ঠীক জনজাতীয় মৰ্যাদা দিয়াৰ পক্ষত চৰকাৰক পৰামৰ্শ প্ৰদান কৰিছিল।কিন্তু তাৰ পিছতো ভাৰত চৰকাৰে বিষয়টোণ আজিলৈকে গুৰুত্ব নিদিলে"-সাংসদগৰাকীয়ে কয়।

দেশৰ অনুসূচিত জনজাতি আয়োগৰ সহকাৰী সঞ্চালকে ২০১৯ বৰ্ষৰ ৭ জানুৱাৰীত আয়োগৰ অধ্যক্ষ আৰু অন্যান্যসকললৈ দিয়া এখন পত্ৰৰ সৈতে গাঁঠি দিয়া আয়োগৰ ১১০  সংখ্যক বৈঠকৰ আলোচনাৰ সাৰাংশৰ ক্ৰমিক নং-৬ত উল্লেখ আছে- "অতি সূক্ষ্মভাৱে বিশ্লেষণ কৰাৰ অন্তত আয়োগ পতিয়ন গৈছে যে উল্লেখিত ছয়টা জনগোষ্ঠীৰ ক্ষেত্ৰত অনুসূচিত জনজাতীয় সকলো বৈশিষ্ট্য বিদ্যমান,গতিকে তেওঁলোকক জনজাতিকৰণ কৰিব লাগে।অৰ্থাৎ সকলো বিভাগৰ সেউজ সংকেত দিয়াৰ পিছতো ৰাজ্যসভাত বিধেয়কখন ভোটৰ বাবে উত্থাপন নকৰাটো চৰম প্ৰতাৰণা"। সাংসদ ভূঞাই লগতে কয়।

আগন্তক ৰাজ্যসভাৰ অধিৱেশনত বিধেয়কখন ভোটৰ বাবে উত্থাপন কৰিব লাগে বুলি চৰকাৰক আহ্বান জনাই সাংসদগৰাকীয়ে।

Your Comments