কোৱাৰেণ্টাইন হ'ল আইপিএছ বিষয়া বিনয় তিৱাৰী;বিহাৰৰ ডিজিপি-এ ব্যক্ত কৰিলে চৰম অসন্তুষ্টি

Susant

ক্ৰমাৎ ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে অভিনেতা সুশান্তৰ মৃত্যুৰ ঘটনা।যিমানে তদন্তৰ গতি তীব্ৰ হৈছে,সিমানেই পোহৰলৈ আহিছে ন ন তথ্য।বিগত ১৪জুনৰ দিনাখন নিজৰ ফ্লেটতেই মৃত্যু হৈছিল বলীউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ ।তদন্তৰ প্ৰথম পৰ্যায়ত মুম্বাই পুলিচে এয়াা আত্মহত্যা বুলি প্ৰকাশ কৰে যদিও পৰৱৰ্তী সময়ত অভিনেতাজনৰ পৰিয়ালে এয়া পূৰ্ব পৰিকল্পিত হত্যা বুলি বিহাৰত এটা গোচৰ ৰুজু কৰে।ইয়াৰ পিছতেই অৰ্থাৎ জুলাই মাহৰ শেষৰ ভাগত অভিনেতাজনৰ মৃত্যুৰ তদন্ত  বিহাৰ পুলিচে নিজৰ আওতালৈ আনে।কিন্তু শেহতীয়াকৈ মহাৰাষ্ট্ৰ প্ৰশাসনে কোৱাৰেণ্টাইন কৰিলে সুশান্ত গোচৰৰ অন্যতম তদন্তকাৰী  আইপিএছ বিষয়া বিনয় তিৱাৰীক।

Police

জানিব পৰা মতে সোমবাৰে আইপিএছ বিষয়াগৰাকীক কোৱাৰেণ্টাইন কৰিলে মহাৰাষ্ট্ৰ প্ৰশাসনে।যাৰ বাবে এতিয়া চৰম অসন্তুষ্টি প্ৰকাশ কৰিছে বিহাৰ পুলিচৰ ডিজিপি গুপ্তেশ্বৰ পাণ্ডেই।মুম্বাই পুলিচৰ এই কাৰ্যই সম্পূৰ্ণ ঘটনাটোএক অন্য মাত্ৰা প্ৰদান কৰা বুলিও মন্তব্য কৰে ডিজিপি গুপ্তেশ্বৰ পাণ্ডেই।

Your Comments