ঘগ্ৰাপাৰত বানাক্ৰান্ত ১১৫ টা পৰিয়াল:বুৰবুৰীত নোনা নৈৰ ভগ্ন মথাউৰিৰ নিৰ্মাণ ক্ষিপ্ৰ গতিত

Pic

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

খৰালি হাত সাৱটি বহি থকা জলসম্পদ বিভাগৰ একাংশ বৰমূৰীয়া-কৰ্মচাৰীৰ গুৰুত্বহীনতাৰ বাবে প্ৰতিটো বাৰিষা ৰাজ‍্যৰ নৈপৰীয়া ৰাইজক বানে জুৰুলা কৰি অহাৰ সময়তে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বুৰবুৰীত নোনা নৈৰ মথাউৰি যোৱা ৩১ জুলাইত ছিঙি অঞ্চলটোৰ ৰাইজক আলাই-আথানি কৰে।বাঢ়নী পানীয়ে মথাউৰিছোৱা ছিঙি নিয়াৰ পিছতে বিশেষকৈ বুৰবুৰী,কঞাজেনী গাঁৱৰ খেতিপথাৰ,গ্ৰাম্য পথসমূহ,পুখুৰীৰ মাছ নষ্ট কৰাৰ উপৰিও পশুধনৰ খাদ্যৰ নাটনি হৈ পৰিছে।ইতিমধ্যে ঘগ্ৰাপাৰ ৰাজহ চক্ৰ বিষয়া নন্দিতা হাজৰিকাই স্থানীয় গাঁওবুঢ়াৰ হতুৱাই ক্ষয়-ক্ষতিৰ তালিকা প্ৰস্তুতি কৰা অনুসৰি বুৰবুৰী আৰু কঞাজেনী গাঁৱৰ ১১৫টা পৰিয়ালৰ আৰু ৩৭২টা পশুধন বানাক্ৰান্ত হৈছে।ইফালে,নলবাৰীৰ বিধায়ক অশোক শৰ্মাই বুৰবুৰীৰ নোনা নৈৰ ভগ্ন মথাউৰি পৰিদৰ্শন কৰি জলসম্পদ বিভাগ আৰু ৰাইজকে হাতে-কামে মথাউৰি নিৰ্মাণ -কাৰ্যত লাগিবলৈ দিয়াৰ লগতে নিজেও বাঁহৰ পাৰ্কুপাইন মাৰিবলৈ নৈত নামিছিল।শীঘ্ৰে মথাউৰিৰ নিৰ্মাণ-কাৰ্য সম্পন্ন কৰিবলৈ জলসম্পদ বিভাগৰ নলবাৰীস্থ কাৰ্যালয়ক চোকা নিৰ্দেশ দিছিল।লগে লগে নলবাৰী জলসম্পদ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ চেতিয়াই স্থানীয় ৰাইজৰ হতুৱাই ক্ষিপ্ৰতাৰে এই ভগ্ন মথাউৰিছোৱাৰ নিৰ্মাণ-কাৰ্য আৰম্ভণি কৰাই নহয় দুই -চাৰিদিনৰ ভিতৰত প্ৰায় সম্পূৰ্ণ কৰিব বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।জলসম্পদ বিভাগে নৈখনৰ পানীৰ গতিৰোধ কৰাৰ লগতে ইতিমধ্যে স্থানীয় শ্ৰমিকৰ দ্বাৰা প্ৰায় ১৫ হাজাৰটা বস্তাত মাটি ভৰাই মথাউৰিছোৱাৰ পৰা প্ৰায় ৩০০ মিটাৰ উত্তৰে বাঁহৰ পাৰ্কুপাইন দিয়াইছে।উল্লেখ‍্য‍ যে মথাউৰিছোৱাৰ নিৰ্মাণ-কাৰ্য ভালদৰে সম্পূৰ্ণ হ'লে বুৰবুৰী,কঞাজেনী,বৰজাৱৰিহাটী,নিজখগটা গাঁৱৰ লগতে  বনভাগ-বৰভাগ অঞ্চলৰ অৰ্ধশতাধিক গাঁৱৰ কৃষক ৰাইজ অলপ হ'লেও সকাহ পাব বুলি চৰ্চিত হৈছে।

Your Comments