নলবাৰী সদৰ আৰক্ষী থানাৰ নৱনির্মিত ভৱন উদ্বোধন মুখ্যমন্ত্ৰী সোণোৱালৰ

Sarbananda Sonowal

ঘগ্ৰাপাৰৰ পৰা দ্বিজেন ডেকা:

নলবাৰী সদৰ আৰক্ষী থানাৰ নৱনির্মিত ভৱনটো দেওবাৰে বিয়লি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ মৈত্ৰী আঁচনিৰ অধীনত নিৰ্মাণ কৰি উলিওৱা এই ভৱন আবেলি উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আৰক্ষীয়ে ৰাইজৰ শান্তি আৰু নিৰাপত্তা সুনিশ্চিত কৰিবলৈ যে বাধ্য এই সন্দৰ্ভত দৃঢ়তাৰে দোহাৰে।তেওঁ কয়,আৰক্ষীয়ে জনসম্পৰ্ক ৰক্ষা কৰি চলিব লাগিব।তেওঁ আৰু কয় যে সাম্প্ৰতিক সময়ত চিকিৎসক, নাৰ্চ তথা স্বাস্থ্যকৰ্মীৰ লগতে আৰক্ষীয়েও ক'ভিড-১৯ ৰ বিৰুদ্ধে যুঁজি আছে।আৰক্ষীয়ে আইন-শৃংখলা ৰক্ষাৰ কামতো নিজৰ দায়িত্ব সুনিশ্চিতভাৱে ৰূপায়ন কৰি আছে।মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসম আৰক্ষী সততা আৰু নিষ্ঠাৰে কাম কৰাৰ বাবেও দায়বদ্ধ।মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে একবিংশ শতিকাত বহুতো নতুন প্ৰত্যাহ্বান আহিছে আৰু এই ক্ষেত্ৰত আৰক্ষীয়ে ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰি তুলিব লাগিব।সন্ত্ৰাসবাদৰ বিৰুদ্ধেও আৰক্ষীয়ে যুঁজিব লাগিব।শান্তিপ্ৰিয় সমাজত এচাম অপৰাধীয়ে শান্তি প্ৰক্ৰিয়া বিঘ্নিত কৰিছে আৰু এই অপৰাধীৰ বিৰুদ্ধে আৰক্ষী সজাগ হ'ব লাগিব।এই ক্ষেত্ৰত নাগৰিকসকলো সচেষ্ট হ'ব লাগিব।উল্লেখযোগ্য দেওবাৰৰ এই সভাত পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,নলবাৰীৰ বিধায়ক অশোক শৰ্মা,বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকা,আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত,অসম পৰ্যটন আৰু উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা,সাংসদ দিলীপ শইকীয়া,উপায়ুক্ত পূৰবী কোঁৱৰ,আৰক্ষী অধীক্ষক অমনজিৎ  কৌৰ,সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তপন কলিতাকে ধৰি আৰক্ষীৰ বিষয়াসকল উপস্থিত আছিল।

Your Comments