আজি দেশজুৰি পালন কৰা হৈছে ভাতৃ-ভগ্নীৰ স্নেহ-বিশ্বাসৰ প্ৰতীক ৰক্ষাবন্ধন পৰ্ব

Rakhi

ভাতৃ-ভগ্নীৰ মাজত থকা স্নেহ আৰু বিশ্বাসৰ অটুট সম্পৰ্কৰ প্ৰতীক ৰক্ষাবন্ধন(ৰাখী)পৰ্ব আজি দেশজুৰি পালন কৰা হৈছে।আজি ভগ্নীসকলে ভাতৃসকলৰ হাতত ৰাখী বান্ধি তেওঁলোকৰ কুশল-মংগল কামনা কৰিছে।আনহাতে,ভাতৃসকলে ভগ্নীসকলৰ সকলো ধৰণৰ সুৰক্ষাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।ৰক্ষাবন্ধন পৰ্ব উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।

Ramnath Kovind

আজিৰ দিনটোত নাৰী সমাজৰ সন্মান আৰু সুৰক্ষাৰ বাবে দায়বদ্ধ হোৱাৰ সংকল্প গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতিয়ে দেশবাসীক আহ্বান জনাইছে।

Narendra Modi

আনহাতে,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও ৰক্ষাবন্ধন উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে।

Your Comments