আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত উজলিল নলবাৰী জিলাৰ পোৰাকুছিৰ ছাত্ৰ স্নিগ্ধৰাগ শালৈ    

Snigdharag

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

লখিমপুৰৰ সামাজিক অনুষ্ঠান 'প্ৰহৰী' আৰু 'গ্ৰন্থযাত্ৰা'ৰ উদ্যোগত,'কথা শিল্প' আৰু 'অকণিৰ সাহিত্য সভা'ৰ সহযোগত অনুষ্ঠিত 'কিতাপ পঢ়ি অনুভৱ লিখা' আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত 'ক শাখা' (৬-১১বছৰ)ত  দ্বিতীয় স্থান লাভ কৰিছে নলবাৰীৰ পোৰাকুছি নিবাসী সুভাষ বৰ্মন আৰু ধৰিত্ৰী বৰ্মনৰ পুত্ৰ স্নিগ্ধৰাগ শালৈয়ে।'কথাশিল্প'ৰ তৰফৰ পৰা জনোৱা এটা বিজ্ঞপ্তি অনুসৰি অসমৰ উপৰিও দিল্লী,পুনে,কেৰেলা,মুম্বাই আদিৰ লগতে ইংলেণ্ড,আমেৰিকা আদি ঠাইৰ পৰা সৰ্বমুঠ ৬০০ বিভিন্ন বয়সৰ পঢ়ুৱৈয়ে অসমীয়া আৰু ইংৰাজী মাধ্যমত হোৱা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।ইয়াৰে ২০গৰাকী প্ৰতিযোগীক শ্ৰেষ্ঠত্বৰ বঁটা দিয়া হ'ব বুলি জনাইছে ইন্দু ভূষণ বৰা,পংকজ প্ৰতিম বৰা,ড° বিন্দু ভূষণ বৰা আৰু অৰিন্দম গগৈ স্বাক্ষৰিত বিবৃতিটোত প্ৰকাশ।২ আগষ্টত ঘোষণা কৰা ফলাফলত কোৱা হৈছে যে ক'ৰ'না মহামাৰীৰ ভয়াৱহতাত গৃহাবদ্ধ হৈ থকা অৱস্থাত অধ্যয়নমুখী কৰাৰ মানসেৰে ২৩ মে'ৰ পৰা ৬ জুনৰ ভিতৰত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল।মহাবিদ্যালয়ৰ দুুগৰাকী অধ্যাপক তথা সাহিত্য সমালোচক আৰু সাহিত্য আলোচনী এখনৰ সম্পাদক এগৰাকীৰে গঠিত বিচাৰক সমিতিয়ে ৬০০ গৰাকী প্ৰতিযোগীৰ মাজৰ পৰা ১৫০ গৰাকীক বিচাৰি উলিয়ায় আৰু তাৰে ২০গৰাকীক শ্ৰেষ্ঠত্বৰ বঁটা দিয়াৰ কথা ঘোষণা কৰে।নলবাৰীৰ পোৰাকুছিৰ ছাত্ৰ স্নিগ্ধৰাগ শালৈৰ এই ফলাফলত গভীৰ সন্তুষ্টি ব্যক্ত কৰিছে গুৱাহাটীৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অধ্যাপক ড° নিতেন বৰ্মন, নলবাৰীৰ শিক্ষা বিষয়া সীমান্ত কুমাৰ ডেকা, নিকুঞ্জ বৰ্মন আৰু অন্যান্য বহু বিশিষ্ট ব্যক্তিয়ে।নলবাৰীৰ ঘগ্ৰাপাৰস্থিত শংকৰজ্যোতি মডাৰ্ণ একাডেমীৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ স্নিগ্ধৰাগ শালৈয়ে যাতে পৰৱৰ্তী পৰ্যায়তো আগবাঢ়ি যায় তাৰ বাবে তেওঁক বহু বিশিষ্ট ব্যক্তিয়ে শুভেচ্ছা জ্ঞাপন কৰিছে‌। 

 

Your Comments