গুৱাহাটীত চতুৰ্থবাৰলৈ চিকিৎসালয়ৰ পৰা পলায়ন কৰিলে এগৰাকী ক'ভিড আক্রান্তই

Covid Patient

গুৱাহাটীত এগৰাকী ক'ৰ'না আক্ৰান্তই নিদ্ৰাহৰণ কৰিছে স্বাস্থ্য বিভাগৰ।বাৰে বাৰে চিকিৎসালয়ৰ পৰা পলায়ন কৰিছে এগৰাকী মহিলা ক'ভিড আক্রান্তই।একেৰাহে চতুৰ্থবাৰ চিকিৎসালয়ৰ পৰা ওলাই আহিল লখিমী দেৱী নামৰ মহিলা আক্রান্তগৰাকী।

উল্লেখ যে প্ৰথমে মহিলাগৰাকীক ভৰ্তি কৰোৱা হৈছিল কালাপাহাৰৰ ক'ভিড চিকিৎসালয়ত।তাৰ পৰা পলায়ন কৰে মহিলাগৰাকীয়ে।পুনৰ স্বাস্থ্য বিভাগে আৰক্ষীৰ সহযোগত পলায়ন কৰা লখিমী দেৱীক উদ্ধাৰ কৰি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি  কৰোৱা হয়।তাৰ পৰাও পুনৰ পলায়ন কৰে আক্রান্ত মহিলাগৰাকীয়ে।পুনৰ স্বাস্থ্য বিভাগে আক্রান্ত মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱায়।তাৰ পিছতে আত্মহত্যা কৰাৰ চেষ্টা চলায় চিকিৎসালয়তে।কিন্তু নিৰাপত্তাৰক্ষীৰ তৎপৰতাত উদ্ধাৰ কৰা হয় মহিলাগৰাকীক।
ইয়াৰ পিছতে পুনৰ পূৰ্বৰ দৰে চিকিৎসালয়ৰ পৰা পলায়ন কৰে আক্রান্ত মহিলাগৰাকীয়ে।আকৌ স্বাস্থ্য বিভাগে আৰক্ষীৰ সহযোগত আটক কৰি ভৰ্তি কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত।পুনৰ দেওবাৰে চিকিৎসালয় কৰ্তৃপক্ষ আৰু নিৰাপত্তাৰক্ষীৰ চকুত ধূলি দি ওলাই আহে চিকিৎসালয়ৰ পৰা।পলায়ন কৰা মহিলাগৰাকীক মহানগৰীৰ হায়াত হাস্পতালৰ সন্মুখত ৰৈ থকা অৱস্থাত পুনৰ আৰক্ষীৰ সহযোগত স্বাস্থ্য বিভাগে আটক কৰি ভৰ্তি কৰায় গুৱাহাটী মেডিকেল কলেজ হাস্পতালত। 


উল্লেখ যে স্বাস্থ্য বিভাগে প্ৰকাশ কৰা অনুসৰি মানসিকভাৱে সমস্যাগ্ৰস্ত মহিলাগৰাকী।চিকিৎসালয়ৰ ভিতৰতো মহিলা আক্রান্তগৰাকীয়ে চিকিৎসাকৰ্মীসকলক বিভিন্ন সময়ত সমস্যাত পেলাইছে।

আনহাতে,বাৰে বাৰে স্বাস্থ্য বিভাগৰ বেহু ফালি ওলাই অহা মহিলাগৰাকীক লৈ চিন্তিত হৈ পৰিছে মহানগৰবাসী।

Your Comments