ৰাজ্যৰ ১৬খন কলেজত বিজ্ঞান শাখা প্ৰৱৰ্তন শিক্ষা বিভাগৰ,নামসমূহ জানি লওক

Dr.Himanta Biswa Sarma

*সংস্থাপন পাব ৩২০ গৰাকী নিবনুৱাই*

অসমৰ শিক্ষা বিভাগে ৰাজ্যৰ ১৬খন মহাবিদ্যালয়ত নতুনকৈ প্ৰৱৰ্তন কৰিছে বিজ্ঞান শাখা।নতুনকৈ বিজ্ঞান শাখা প্ৰৱৰ্তন কৰা মহাবিদ্যালয়কেইখনৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।জনতা ভৱনত এখন সংবাদমেলত ঘোষণা কৰা হোৱা মহাবিদ্যালয়কেইখন হৈছে-জিএলচি কলেজ বৰপেটা,বিহালী কলেজ বিশ্বনাথ জিলা,চিলাপথাৰ কলেজ ধেমাজি,ডিডি আৰ কলেজ চাবুৱা,জয়া কলেজ গোলাঘাট,এছ বি দেউৰা কলেজ গুৱাহাটী,সুৰেন দাস কলেজ হাজো,পূব কাৰ্বি আংলং কলেজ, মাইবং কলেজ ডিমা হাচাও,পাথাৰকান্দি কলেজ কৰিমগঞ্জ,জেংৰাইমুখ কলেজ মাজুলী,নগাঁও কলেজ,বৰক্ষেত্ৰী কলেজ নলবাৰী,ৰঙাপাৰা কলেজ শোণিতপুৰ, শদিয়া কলেজ তিনিচুকীয়া,পণ্ডিত দীনদয়াল উপাধ্যায় আদর্শ কলেজ বঙাইগাঁও।চলিত বৰ্ষৰ পৰা বিজ্ঞান শাখাৰ পাঠ্যক্ৰম আৰম্ভ হ'ব মহাবিদ্যালয়কেইখনত।

২৪০টা অধ্যাপক-অধ্যাপিকা আৰু ৮০টা তৃতীয়-চতুৰ্থ বৰ্গৰ পদত নতুনকৈ নিযুক্তি হ'ব উক্ত মহাবিদ্যালয়কেইখনত।আগন্তুক এসপ্তাহৰ ভিতৰত মহাবিদ্যালয়সমূহক বিজ্ঞাপন জাৰি কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে স্বাস্থ্য বিভাগে।সেই অনুসৰি ৪৫দিনৰ ভিতৰতে পদসমূহত নিযুক্তি সম্পূৰ্ণ কৰাৰো পৰামৰ্শ দিছে শিক্ষা বিভাগে।

Your Comments