সমাজকৰ্মী,শিক্ষক,প্ৰাক্তন ছাত্ৰনেতা সুৰেন ডেকাৰ দেহাৱসান 

Suren Deka

মৃণাল ডেকা,শুৱালকুছি: 

কামৰূপ জিলাৰ দদৰা নিবাসী সমাজকৰ্মী,শিক্ষক,প্ৰাক্তন ছাত্ৰনেতা সুৰেন ডেকাৰ শুকুৰবাৰৰ নিশা ৫৯ বছৰ বয়সত নিজা বাসভৱনত মৃত্যু হয়।প্ৰাক্তন 'আছু' নেতা,শিক্ষকজনৰ মৃত্যুত দদৰা অঞ্চলত শোকৰ ছাঁ পৰিছে।দদৰা নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা জীৱন আৰম্ভ কৰি পিছলৈ দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত একত্ৰীকৰণ হোৱাত বৰ্তমান তেওঁ উক্ত বিদ্যালয়ৰখনত শিক্ষকতা কৰি আছিল ৷ অমায়িক,সহজ-সৰল সমাজকৰ্মীজনৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে গুণমুগ্ধই বাসভৱনত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জনায়।অসম আন্দোলনৰ কৰ্মী সুৰেন ডেকা দদৰা গোপালথান উন্নয়ন সমিতিৰ প্ৰাক্তন সভাপতি , দদৰা দুৰ্গা পূজা সমিতিৰ প্ৰাক্তন সম্পাদকৰ লগতে বিভিন্ন ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল।তেওঁৰ নশ্বৰ দেহ দদৰা অঞ্চলৰ প্ৰতিটো অনুষ্ঠান-প্ৰতিষ্ঠানলৈ শোভাযাত্ৰা কৰি নিয়ে।

Pic

পিছত দদৰা দুৰ্গা পূজা মন্দিৰ প্ৰাংগণত দদৰা দুৰ্গা পূজা সমিতি,সদৌ কামৰূপ জিলা ছাত্ৰ সন্থা,দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী,দদৰা জ্যেষ্ঠ নাগৰিক সন্থা,দদৰা লাট গাওঁবুঢ়া,২ নং পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থা,পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন কৰ্মী সন্মিলনীকে আদি কৰি বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানে তেওঁক শেষ শ্ৰদ্ধা জনায়।মৃত্যুৰ সময়ত তেওঁ সহধৰ্মিনীসহ দুগৰাকী পুত্ৰক ইহসংসাৰত এৰি থৈ যায়।

Your Comments