বিৰোধিতা কৰিব লাগে বাবে নতুন শিক্ষানীতিৰ বিৰোধিতা কৰিব নালাগে,১০০% গ্ৰহণযোগ্য নহ'লেও বহু সিদ্ধান্ত গ্ৰহণযোগ্য- এবিভিপি

Abvp

*আত্মনিৰ্ভৰ ভাৰত গঢ় দিয়াত সহায়ক হ'ব নতুন শিক্ষানীতি-ৰাকেশ দাস,ৰাজ্যিক সম্পাদক*


"কেন্দ্ৰীয় নতুন শিক্ষা নীতিক আদৰণি অখিল ভাৰত বিদ্যাৰ্থী পৰিষদৰ অসম ৰাজ্যিক সমিতিৰ।সুদীৰ্ঘ ৩৪বছৰৰ পিছত শিক্ষা ব্যৱস্থাক নতুন ৰূপ প্ৰদান কৰাটো আত্মনির্ভৰ ভাৰত গঢ়াত সহায়ক হ'ব"-এই মন্তব্য অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক ৰাকেশ দাসৰ।গুৱাহাটী প্ৰেছ ক্লাবত নতুন শিক্ষানীতি-২০২০ক আদৰণি জনাই সম্বোধন কৰা সংবাদমেলত সম্পাদকগৰাকীয়ে কয়-"শিক্ষানীতি সংশোধন কৰাটো ভাৰতৰ জনতাৰ দীর্ঘসময়ৰ দাবী আছিল।গতিকে, পলম নকৰি চৰকাৰে কাৰ্যকৰী কৰিব লাগে শিক্ষানীতিক।"

"ভাৰতবৰ্ষত পোন প্ৰথমবাৰৰ বাবে ভাৰতীয় চিন্তাধাৰা থকা এখন শিক্ষানীতি প্ৰৱৰ্তন কৰা হৈছে।ভাষা,ধৰ্ম,বৰ্ণ নিৰ্বিশেষে জনতা ইয়াত লাভালাভ হ'ব।সকলো শ্ৰেণীৰ বিদ্যাৰ্থীয়ে শিক্ষাৰ অধিকাৰ লাভ কৰিব।ভাৰতীয় চিন্তাধাৰা বিশ্বত প্ৰতিষ্ঠা কৰাত সহায়ক হ'ব নতুন শিক্ষানীতি"-সম্পাদক দাসে কয়।

"দেশৰ একেবাৰে শেষৰ ছাত্ৰজনলৈ শিক্ষা লাভৰ সুবিধা দিব নতুন শিক্ষানীতিয়ে।অৰ্থনৈতিক,সামাজিক সকলো দিশতে পিছ পৰা ছাত্ৰ-ছাত্ৰীসকল এতিয়া উপকৃত হ'ব।ছাত্ৰৰ জলপানিৰ সমস্যাসমূহ নাইকিয়া হ'ব।কাৰণ ব্যক্তিগত খণ্ডত অধ্যয়ন কৰা দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলেও লাভ কৰিব জলপানি।গতিকে অখিল ভাৰত বিদ্যাৰ্থী পৰিষদে আদৰণি জনাইছে"- দাসে লগতে কয়।

শিক্ষানীতিক বিৰোধিতা কৰা সংগঠনসমূহক উদ্দেশ্যে কৰি সম্পাদক দাসে কয়-"নতুন শিক্ষানীতি ১০০% গ্ৰহণযোগ্য নহয় যদিও কিন্তু বহুসংখ্যক সিদ্ধান্ত সমৰ্থন কৰিব লাগিব।বিৰোধিতা কৰিব লাগে বাবে বিৰোধিতা কৰিব নালাগে।বিৰোধিতা কৰা কিছুমান যুক্তি থাকিব লাগিব"।

আনহাতে,উক্ত সংবাদমেলত উপস্থিত থাকি ৰাষ্ট্ৰীয় সম্পাদক নয়নজ্যোতি শৰ্মাই কয়-"দেশৰ জাতীয় আয়ৰ ৬ শতাংশ শিক্ষাখণ্ডত ব্যয় হ'ব।কাৰ্যকৰী হ'বলৈ হয়তো কিছু সময়ৰ প্ৰয়োজন হ'ব।কিন্তু ৬ শতাংশ ব্যয় কৰাৰ যে প্ৰস্তাৱ লৈছে সেয়া উল্লেখযোগ্য।"

Your Comments