বৃহত্তৰ শুৱালকুছিৰ ভিন্ন প্ৰান্তত ৰেপিড টেষ্টত ৪০ জন ক'ভিডত আক্ৰান্ত

মৃণাল ডেকা,শুৱালকুছি:

কামৰূপ জিলাৰ শুৱালকুছি-বামুন্দী আৰু নিকটৱৰ্ত্তী গাঁওসমূহত ক্ৰমাৎ বৃদ্ধি হ'বলৈ ধৰিছে ক'ভিড ৰোগীৰ সংখ্যা।বিগত দুটা দিনত শুৱালকুছি-বামুন্দীত ৪০ গৰাকীৰ দেহত ক'ভিড পজিটিভ ধৰা পৰে।জানিব পৰা মতে,শুৱালকুছি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু অস্থায়ী কেন্দ্ৰত শনিবাৰে হোৱা ৰেপিড টেষ্টত মুঠ ২২ গৰাকী লোকৰ দেহত ক'ভিড-১৯ পজিটিভ ধৰা পৰে।ইয়াৰ ৮ গৰাকী শুৱালকুছিৰ,৮ গৰাকী বামুন্দীৰ আৰু ২ গৰাকী বংশৰৰ বুলি চিনাক্ত কৰা হৈছে।তদুপৰি ইয়াৰ পূৰ্বে লোৱা টেষ্টৰ শনিবাৰে অহা ফলাফলত ক'ভিড পজিটিভ  শুৱালকুছিৰ ৯ জন,বংশৰৰ ৯ জন,বৰলাহৰ ৪ জন বুলি চিকিৎসালয়খনৰ সুত্ৰই জানিবলৈ দিয়ে।ইয়াকে লৈ শনিবাৰে শুৱালকুছিত ১৭, বংশৰত ১১,বামুন্দিত ৮,আৰু বৰলাহত ৪ গৰাকীসহ মুঠ ৪০ গৰাকী ক'ভিডত আক্ৰান্ত হয়।

 

Your Comments